তেজপুৰ,২৫ মাৰ্চ:শোণিতপুৰত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগা নিৰ্বাচন শান্তিপূৰ্ণ তথা নিয়াৰিকৈ পৰিচালনাৰ লগতে ৰাজহুৱা শান্তি-শৃংখলা অটুত ৰখাৰ স্বাৰ্থত শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশ মানবেন্দ্ৰ প্ৰতাপ সিঙে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত সমগ্ৰ জিলাখনত কিছু নিষেধাজ্ঞা জাৰি কৰে ।
২৫ মাৰ্চ সন্ধিয়া ৬ বজাৰ পৰা ২৮ মাৰ্চৰ সন্ধিয়া ৬ বজালৈ বলৱৎ কৰা এই নিষেধাজ্ঞাৰ অধীনত ৰাজহুৱা স্থানত পাঁচজন বা ততোধিক লোকৰ সমাবেশ, নিৰ্বাচনী প্ৰচাৰৰ বাবে মাইকৰ ব্যৱহাৰ, নিৰ্বাচন সন্দৰ্ভত ৰেলী, সমদল-শোভাযাত্ৰা, সভা আদি অনুষ্ঠিত কৰাৰ লগতে যি কোনো ধৰণৰ উচ্চস্তৰৰ মাইক আদি নিশা ১০ বজাৰ পিছত বজোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ।
এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত সমাৱেশৰ বাহিৰে বজাৰ, খেলপথাৰ, চিনেমা গৃহৰ লগতে অন্যান্য স্থান যেনে শিক্ষানুষ্ঠান, ৰে’ল তথা বাছ আস্থান, বিবাহৰ স্থান আৰু ধৰ্মীয় অনুষ্ঠানৰ সমাৱেশৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব । এই নিষোধাজ্ঞা তৎকালীনভাৱে সমগ্ৰ জিলাখনতে বলৱৎ কৰাৰ লগতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব ।