অসম

assam

ETV Bharat / state

তেজপুৰত ৰূপকোঁৱৰৰ 119 সংখ্যক জন্ম জয়ন্তী উদযাপন - ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ 119 সংখ্যক জন্ম জয়ন্তী

ৰূপকোঁৱৰৰ গীতে-মাতে মুখৰিত হ’ল তেজপুৰৰ পকী ৷ ‘পকী’ত অসম চৰকাৰৰ সংস্কৃতিক সঞ্চালকালয়, জ্যোতি ভাৰতীয়ে প্ৰতিকূল বতৰৰ মাজতো অনুষ্টুপীয়াকৈ উদযাপন কৰে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্ম জয়ন্তী (119th birth anniversary of Rupkonwar Celebrated in Tezpur)।

119th birth anniversary of Rupkonwar Celebrated in Tezpur
তেজপুৰত ৰূপকোঁৱৰৰ 119 সংখ্যক জন্ম জয়ন্তী উদযাপন

By

Published : Jun 17, 2022, 7:22 PM IST

তেজপুৰ, 17 জুন :আজি ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ 119 সংখ্যক জন্ম জয়ন্তী ৷ সেই উপলক্ষে ৰূপকোঁৱৰৰ সংস্কৃতিৰ সাধনাৰ থলী তেজপুৰৰ জ্যোতি ভাৰতীত আয়োজন কৰা হয় এক অনুষ্ঠানৰ (118th birth anniversary of Rupkonwar Celebrated in Tezpur) ৷

প্ৰতিকূল বতৰৰ মাজতো ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ তেজপুৰৰ পকী আৰু বৰ্তমান অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ জ্যোতি ভাৰতীত আয়োজন কৰা হয় এই আড়ম্বৰপূৰ্ণ অনুষ্ঠান (Remembering Rupkonwar Jyoti Prasad Agarwala on his 119th Birth Anniversary) ৷ ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে এই অনুষ্ঠান মুকলি কৰে জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে ৷

তেজপুৰত ৰূপকোঁৱৰৰ 119 সংখ্যক জন্ম জয়ন্তী উদযাপন

প্ৰতিকূল বতৰকো নেওচি সাংস্কৃতিক নগৰী তেজপুৰৰ জ্যোতি ভাৰতীত আয়োজিত শিল্পীগৰাকীৰ জন্মদিনত শিল্পী তথা বিশিষ্ট লোকৰ লগতে অসম সাহিত্য সভা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন আৰু শোণিতপুৰ জিলা কবি সন্মিলনৰ বিষয়ববীয়া আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

লগতে এই অনুষ্ঠানতে শিল্পীগৰাকীৰ ৰচিত গীতে-মাত পৰিৱেশন কৰা হয় ৷

লগতে পঢ়ক :অসমৰ বানাক্ৰান্তলৈ আৰ্থিক সাহাৰ্য বলীউড অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত ছেট্টীৰ

ABOUT THE AUTHOR

...view details