অসম

assam

ETV Bharat / state

Heat wave in Assam: তীব্ৰ গৰমত তেজপুৰত অসুস্থ 11 গৰাকী ছাত্ৰ-ছাত্ৰী

প্ৰচণ্ড গৰমত শোণিতপুৰ জাতীয় বিদ্যালয়ৰ 11 গৰাকীকৈ ছাত্ৰ-ছাত্ৰী অসুস্থ ৷ অসুস্থ ছাত্ৰ-ছাত্ৰী কেইগৰাকীক ততাতৈয়াকৈ তেজপুৰৰ সুখদা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় (11 Students Fall Sick Due To Heat In Tezpur) ৷

Heat wave in Assam
তীব্ৰ গৰমে দহিছে ৰাজ্য

By

Published : Jun 2, 2023, 5:45 PM IST

হঠাৎ অসুস্থ হৈ পৰিল শোণিতপুৰ জাতীয় বিদ্যালয়ৰ 11 গৰাকী ছাত্ৰ-ছাত্ৰী

তেজপুৰ, 2 জুন :দেশৰ আন প্ৰান্তৰ লগতে তীব্ৰ গৰমে দহিছে ৰাজ্য ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্ত এতিয়া প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ কবলত ৷ তীব্ৰ গতিত বৃদ্ধি পাইছে তাপমাত্ৰা ৷ আজিও ৰাজ্যৰ বিভিন্ন অংশক দহিছে তীব্ৰ গৰমে ৷ বিগত সপ্তাহত পাৰাস্তম্ভ 37 ডিগ্ৰী চেলচিয়াছ হৈছে ৷ ফলস্বৰূপে সাধাৰণ জীৱন যাত্ৰা ব্যাহত হৈছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত (Heat waves rise in Assam) ৷

শুকুৰবাৰে প্ৰচণ্ড গৰমত শোণিতপুৰ জাতীয় বিদ্যালয়ৰ 11 গৰাকীকৈ ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰে ৷ শ্ৰেণী কোঠাতেই হঠাৎ অসুস্থ হৈ পৰে ছাত্ৰ-ছাত্ৰীকেইজন ৷ অসুস্থ ছাত্ৰ-ছাত্ৰী কেইগৰাকীক ততাতৈয়াকৈ তেজপুৰৰ সুখদা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় (11 Students Fall Sick Due To Heat In Tezpur) ৷

বৰ্তমান ছাত্ৰ-ছাত্ৰী কেইগৰাকী সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে ৷ অতিপাত গৰমৰ বাবেই ছাত্ৰ-ছাত্ৰী কেইগৰাকী অসুস্থ হৈ পৰিছিল বুলি চিকিৎসক আৰু স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে (Students Fall Sick Due To Heat In Tezpur) ৷

প্ৰচণ্ড গৰমৰ বাবে এতিয়া সাধাৰণ জীৱন যাত্ৰা বিঘ্নিত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷ এজাক বৰষুণৰ বাবে ৰাজ্যত হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ 2022 বৰ্ষৰ তুলনাত বৰষুণৰ পৰিমাণ এই সময়ছোৱাত অতি কম হোৱাৰ বাবে পাৰাস্তম্ভ ক্ৰমান্বয়ে বৃদ্ধি পাইছে অসমত ৷ গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাত সৰ্বসাধাৰণ ৰাইজৰ বাবে অতিশয় যন্ত্রণাদায়ক হৈ পৰিছে দিনবোৰ ৷ ইয়াৰ প্ৰধান কাৰণ হৈছে দ্ৰুতগতিত বৃদ্ধি পোৱা বন ধ্বংস (Heat wave hits Assam) ৷

লগতে অসমত হ্ৰাস পাইছে বনানীকৰণৰ সংখ্যা ৷ পূৰ্বতে অসমত সেউজ বননীৰ সংখ্যা যথেষ্ট পৰিমাণে আছিল যদিও কালক্ৰমত ই যথেষ্ট হ্ৰাস পাইছে ৷ সেউজ বনানিকৰণৰ বাবদ চৰকাৰে বছৰ বছৰ ধৰি ব্যয় কৰি অহা ধন ৰাশিৰো অপব্যয় হ’বলৈ ধৰিছে কাৰণ, বিভাগীয় কৰ্তৃপক্ষই বনানিকৰণৰ নামত কেৱল যে একমাত্ৰ লুণ্ঠন হে চলাইছে সেয়া দিনে দিনে বৃদ্ধি হোৱা পাৰাস্তম্ভই প্ৰমাণ কৰিছে (Deforestation in Assam) ৷

লগতে পঢ়ক:Heatwave hits Assam: ৰাজ্যত গ্ৰীষ্মৰ প্ৰকোপ ! 38 ডিগ্ৰী অতিক্ৰম কৰিছে পাৰাস্তম্ভই

ABOUT THE AUTHOR

...view details