তেজপুৰ, ২৩ জুন: এতিয়াৰে বাবে জৰুৰীকালীন সময়ত এম্বুলেন্স নথকাৰ বাবে হাৰাশাস্তি ভুগিব নালাগে অৰুণাচল প্ৰদেশৰ ৰাইজে । মঙলবাৰৰ পৰা অৰুণাচল প্ৰদেশত আৰম্ভ হ'ল জৰুৰীকালীন ১০৮ এম্বুলেন্স সেৱা । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এম্বুলেন্স সেৱা মুকলি কৰে । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী খাণ্ডুয়ে এম্বুলেন্স সেৱাৰ জৰিয়তে লাভ কৰিব পৰা সুবিধাৰ বিষয়ে বৰ্ণনা কৰে ।
তেওঁ মকড্ৰিলৰ জৰিয়তে এম্বুলেন্স সেৱাৰ সুবিধাৰ বিষয়ে বুজাবলৈ প্ৰয়াস কৰে । নিজেই ফোন কৰি ১০৮ এম্বুলেন্স সেৱাৰ পৰা সহায় বিচাৰে আৰু দুৰ্ঘটনাত পতিত লোকক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত এম্বুলেন্সৰ প্ৰয়োজনীয়তাৰ বিষয়ে সকলকো বুজাবলৈ চেষ্টা কৰে । ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ পৰ্যাপ্ত এম্বুলেন্স নাছিল ৰাজ্যখনত । সেয়ে, হায়দৰাবাদৰ জি ভি কে(EMRI) নামৰ প্ৰতিষ্ঠানটোৰ লগত পাঁচ বছৰৰ বাবে এক চুক্তি স্বাক্ষৰ কৰি এই ১০৮ সেৱাৰ দায়িত্ব দিছে ।