তেজপুৰ, 29 আগষ্ট: ক’ভিড-19 প্ৰতিৰোধৰ যুদ্ধত আদৰ্শ দেখুৱালৈ সক্ষম হৈছে তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰে ৷ এশ শতাংশ কৰ’ণা মুক্ত হ’ল তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ ৷ সমগ্ৰ দেশৰ কাৰাগাৰ সমূহতেই দেখা দিয়া মহামাৰী কৰ'ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ মাজতেই তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ প্ৰশংসনীয় নিদৰ্শন । ইতিমধ্যে কাৰাগাৰৰ 196 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷
সমগ্ৰ দেশৰেই কাৰাগাৰ সমূহতেই দেখা দিয়া মহামাৰী কৰ'ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বহু কাৰাবন্দীক মুকলি কৰি দিয়া হৈছিল ৷ ব্যতিক্ৰম নাছিল অসমৰ বিভিন্ন প্ৰান্তৰ কাৰাগাৰ সমূহো ৷
তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত শনিবাৰ দিনটোলৈ আছে মুঠ 474 গৰাকী কাৰাবন্দী ৷ পূৰ্বে ইয়াৰ সংখ্যা আছিল আঠশৰো অধিক ৷ ইপিনে ক’ভিড-19 ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে মধ্যৱৰ্তিকালীন জামিনত মুকলি কৰা হৈছে বহু কাৰাবন্দীক । ক’ভিড-19 ৰ বাবে বৰ্তমানলৈকে তেজপুৰ কাৰাগাৰৰ প্ৰায় 85 গৰাকী কাৰাবন্দীক ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে মুকলি কৰাৰ লগতে 2 জনক পেৰলত যাবলৈ দিয়া বুলি জানিবলৈ দিয়ে কাৰাগাৰ বিষয়া ৰাজু কুমাৰ চৌধুৰীয়ে ৷