তেজপুৰ,১৬ মে': অৰুণাচল প্ৰদেশৰ লংডিংক পুমাও গাঁৱত সেনাৰ গুলীচালনাত এজন লোক থিতাতে নিহত হোৱাৰ উপৰিও গুৰুতৰভাৱে আহত হয় আন পাঁচজন । ঘটনা সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ মানৱ অধিকাৰ সংস্থাই গোচৰ ৰুজু কৰে সেনাৰ বিৰুদ্ধে ৷
উল্লেখ্য যে, শনিবাৰে দিনৰ প্ৰায় ১:৩০ বজাত লংডিংৰ পুমাও গাঁৱত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ৷ শনিবাৰে লংডিঙত এখন ৰাজহুৱা সভাত অংশ গ্ৰহন কৰা এজন লোকক জুংফু ৱাংচুক সেনাই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে । অভিযোগৰ ভিত্তিতে সেনা বাহিনী আৰু স্থানীয় ৰাইজৰ মাজত অনুষ্ঠিত হয় এখন বৈঠক । বৈঠকতে সেনা বাহিনীয়ে ব্যক্তিজনক কি কাৰণত প্ৰহাৰ কৰে সেয়া সন্দৰ্ভত উত্তৰ দিয়া পৰা বিৰত থকাক লৈ স্থানীয় একাংশই উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে । লগতে একাংশ স্থানীয়ই সেনা বাহিনীৰ ওপৰত শিলাবৰ্ষন কৰে । যাৰ পৰিপ্ৰেক্ষিতত আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিবলৈ বাধ্য হয় সেনাবাহিনী ।