অসম

assam

ETV Bharat / state

বাঁহাবীদক দুৰ্গেশ্বৰ বৰালৈ জুবিন গাৰ্গৰ আৰ্থিক সাহাৰ্য

আৰ্থিকভাৱে পিছপৰা শিল্পী দুৰ্গেশ্বৰ বৰা দুৰ্ঘটনাগ্ৰস্ত হৈ  শয্যাশায়ী হৈ আছে । যাৰ বাবে শিল্পীজনৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বহু টকা । আনহাতে, শিল্পীজনক সহায় কৰিব বিচাৰিলে 6000906335 নম্বৰত যোগাযোগ কৰাৰ উপৰিও 30416315393 এছ বি আই একাউণ্টৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ কৰে পৰিয়ালে ৷

By

Published : May 29, 2019, 10:10 AM IST

Updated : May 29, 2019, 11:30 AM IST

বাঁহীবাদক দুৰ্গেশ্বৰ বৰালৈ সাহায্য প্ৰদান জুবিন গাৰ্গৰ

শিৱসাগৰ, ২৯ মে': জুবিন গাৰ্গ মানেই বিতৰ্ক নহয়, এজন মানৱদৰদী শিল্পী জুবিন গাৰ্গ ৷ পুনৰ এই কথা প্ৰতিপন্ন কৰিলে কণ্ঠশিল্পীগৰাকীয়ে ৷ অসমৰ জনপ্ৰিয় বাঁহীবাদক দুৰ্গেশ্বৰ বৰালৈ আৰ্থিক সাহাৰ্য আগঢ়ালে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰবগৰাকীয়ে ৷ দুৰ্ঘটনাগ্ৰস্ত হৈ শয্যাশায়ী হৈ থকা আমগুৰিৰ শিল্পীজনলৈ জুবিন গাৰ্গে আগবঢ়ালে ৩০ হাজাৰ টকাৰ চেক ।

বাঁহীবাদক দুৰ্গেশ্বৰ বৰালৈ সাহায্য প্ৰদান জুবিন গাৰ্গৰ

উল্লেখ্য যে ২০১৪ চনত জুবিন গাৰ্গৰ নাহৰ কেছেটৰ গীতত বাঁহীৰ সুৰ দিয়া দুৰ্গেশ্বৰ বৰাই দ্বীপেন বৰুৱা, পুলক বেনাৰ্জী, দিলীপ শৰ্মা, সুদক্ষিনা শৰ্মা, জয়ন্ত নাথৰ লগতে অসমৰ বহু জনপ্ৰিয় কণ্ঠশিল্পীৰ সৈতে বাঁহীবাদকৰ কাম কৰিছিল । ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত বাঁহীবাদক দুৰ্গেশ্বৰ বৰাই বসন্তৰ জাননী কেছেটত প্ৰথম বাঁহী বজাইছিল । পৰৱৰ্তী সময়ত জীৱন নদীৰ দুটি পাৰ চিনেমাত বাঁহী বজোৱাৰ লগতে জয়মতী, কমলাকুঁৱৰী আদিতো বাঁহী বজাইছিল ।

আৰ্থিকভাৱে পিছপৰা শিল্পী দুৰ্গেশ্বৰ বৰা দুৰ্ঘটনাগ্ৰস্ত হৈ শয্যাশায়ী হৈ আছে । যাৰ বাবে শিল্পীজনৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বহু টকা । আনহাতে, শিল্পীজনক সহায় কৰিব বিচাৰিলে 6000906335 নম্বৰত যোগাযোগ কৰাৰ উপৰিও 30416315393 এছ বি আই একাউণ্টৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ কৰে পৰিয়ালে ৷

Last Updated : May 29, 2019, 11:30 AM IST

ABOUT THE AUTHOR

...view details