শিৱসাগৰ, 30 ডিচেম্বৰ :ধুবুৰীৰ পৰা শদিয়ালৈ মানসিক হতাশা আৰু ড্রাগছ মুক্ত এখন সুষ্ঠ সমাজ গঢ়ি নৱ প্রজন্মক সজাগ কৰাৰ প্ৰচেষ্টা এজন যুৱকৰ । 'ব্ৰেইন এণ্ড ফিগাৰ সংস্থা'ৰ সৌজন্যত মানসিক হতাশা দূৰ কৰা আৰু ড্রাগছ মুক্ত অভিযানেৰে সুদূৰ ধুবুৰীৰ পৰা আহি শিৱসাগৰত উপস্থিত হ'ল খনিন ৰয় নামৰ এজন যুৱক ৷
মানসিক হতাশা আৰু ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাবে যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ - অৰুণাচল
মানসিক হতাশা আৰু ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাবে যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ ৷ ধুবুৰীৰ পৰা খোজকাঢ়ি শদিয়াত উপস্থিত হোৱাৰ লক্ষ্য যুৱকজনৰ ৷

মানসিক হতাশা আৰু ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাবে যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ
খনিন ৰয়ৰ মন্তব্য
7 ডিচেম্বৰত ধুবুৰীৰ পৰা যাত্ৰা আৰম্ভ কৰা যুৱকজনে 22 দিনৰ অন্তত শিৱসাগৰত উপস্থিত হয় ৷ উল্লেখ্য যে, 2016 বৰ্ষৰ পৰাই 'ব্ৰেইন এণ্ড ফিগাৰ সংস্থাই' সজাগতামূল পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ পৰৱৰ্তী সময়ত খনিন ৰয় নামৰ যুৱকজনে পদযাত্ৰাৰে অসমৰ পূৱ প্ৰান্তৰ অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত সমাপ্ত কৰিব বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক :কৃষকসকল অন্নদাতা,তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হ’ব নালাগে: ৰাজনাথ সিং