অসম

assam

By

Published : Oct 8, 2021, 2:19 PM IST

ETV Bharat / state

দিখৌ নৈৰ দলঙৰ ভঙা অংশৰে সৰকিল এজন যুৱক

দিখৌ নৈ(Dikhow River)ৰ এখন দলঙৰ ভঙা অংশৰে সৰকি পৰিল এজন চাইকেল আৰোহী ৷ শতিকা গৰকা এই দলংখনৰ ভাঙি যোৱা অংশৰে সৰকি নৈৰ বামত পৰে পাপু কৰ্মকাৰ নামৰ যুৱকজন ৷ কোনোমতে প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ ৷

youth slipped into dikhow river through collapsed bridge
দিখৌ নৈৰ দলঙৰ ভঙা অংশৰে সৰকিল এজন যুৱক

শিৱসাগৰ, 8 অক্টোবৰ : শিৱসাগৰ নগৰৰ পুৰণি দিখৌ দলঙত অঘটন । বৃহস্পতিবাৰে জৰাজীৰ্ণ দলঙৰ ফুটাৰে সৰকি পৰিল এজন আৰোহী । সৌভাগ্যক্ৰমে কোনো বৃহৎ দুৰ্ঘটনাৰ পৰা বাচি দিখৌ নৈ(Dikhow River)ৰ বামত পৰে চাইকেল আৰোহী পাপু কৰ্মকাৰে ৷ ঘটনাৰ উমান পাই যুৱকজনক বামৰ পৰা উদ্ধাৰ কৰে স্থানীয় ৰাইজে ।

দিখৌ নৈৰ দলঙৰ ভঙা অংশৰে সৰকিল এজন যুৱক

উল্লেখ্য যে,চাইকেল চলাই দলং পাৰ হোৱাৰ চেষ্টা চলাওতেই হঠাৎ পিচল খাই চাইকেলৰ পৰা দলংখনৰ ফুটাৰে সৰকি নৈৰ পাৰত পৰেগৈ পাপুৱে ৷ জৰাজীৰ্ণ এই দলংখনৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ ৷ স্বাধীনতাৰ পূৰ্বে অৰ্থাৎ 1935 চনতে বৃটিছৰ দিনত নিৰ্মাণ কৰা হৈছিল কপিকলযুক্ত এই দলংখন ৷

দিখৌ নৈৰ জৰাজীৰ্ণ দলং

সম্প্ৰতি দলংখনৰ জৰাজীৰ্ণ অৱস্থাক লৈ ইয়াৰ কাষৰীয়া অঞ্চলৰ লোকে সমালোচনা কৰি আহিছে ৷ জিলা প্ৰশাসনৰ লগতে কোনো স্থানীয় প্ৰতিষ্ঠানে দলংখন মেৰামতি নকৰাৰ ফলত প্ৰায় শতিকা পুৰণি দলংখন ধ্বংসৰ মুখলৈ গতি কৰিছে ৷

দিখৌ নৈৰ জৰাজীৰ্ণ দলং

দলংখনৰ এই দুৰাৱস্থা দৈনিক আহ-যাহ কৰা ৰাইজৰ বাবে হৈ পৰিছে অতিকৈ বিপজ্জনক । পাপুৰ দুৰ্ঘটনাই দলঙখনৰ ভয়াৱহতা পুনৰ প্ৰতিফলিত কৰিছে যদিও এই বিষয়ত চকু দিয়া নাই প্ৰশাসনে ।

লগতে পঢ়ক :গোলাঘাটৰ প্ৰতিখন থানাত প্ৰাথমিক চিকিৎসা সেৱাৰ উপকৰণ বিতৰণ

ABOUT THE AUTHOR

...view details