অসম

assam

ETV Bharat / state

কৰ্মসংস্থাপন বিচাৰি বহি:ৰাজ্যলৈ যোৱা আমগুৰিৰ যুৱক নিৰুদ্দেশ

চলন্ত ৰে’লৰ পৰাই যুৱকজন অন্তৰ্ধান হোৱা ঘটনাক পৰিয়ালৰ লোকে সহজভাৱে ল'ব পৰা নাই ৷

By

Published : Jun 6, 2019, 10:24 AM IST

জগত বৰুৱা

আমগুৰি, 06 জুন :পুনৰ নিৰুদ্দেশ হ'ল কৰ্মসংস্থাপন বিচাৰি বহি:ৰাজ্যলৈ যোৱা অসমৰ যুৱক ৷ বিগত 1 জুনত আমগুৰি ঘোৰাচোৱা গাঁৱৰ যুৱক জগত বৰুৱা (25) শিমলুগুৰিৰ পৰা দুই আত্মীয়ৰ সৈতে ৰে’লযোগে বেংগালুৰুৰ কৰ্মস্থলীলৈ ৰাওনা হৈছিল ৷

বহি:ৰাজ্যলৈ যোৱা আমগুৰিৰ যুৱক নিৰুদ্দেশ

তেনে সময়তে নিশা প্ৰায় 2 বজাত জগতৰ আত্মীয়ই জগত নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকক অৱগত কৰে ৷ ইপিনে বিগত পাঁচ দিন ধৰি জগতৰ পৰিয়ালে সন্ধানহীন জগত বৰুৱাৰ কোনো শুংসূত্ৰ লাভ নকৰাত পৰিয়ালটো উদ্বিগ্ন হৈ থকাৰ লগতে ঘটনা সন্দৰ্ভত আমগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ বিগত চাৰি বছৰ ধৰি বেংগালুৰুত ইলেকট্ৰিকেলৰ কাম কৰি স্বাৱলম্বী হোৱা যুৱকজন চলন্ত ৰে’লৰ পৰাই অন্তৰ্ধান হোৱা ঘটনাক পৰিয়ালৰ লোকে সহজভাৱে ল'ব পৰা নাই ৷ জগতৰ ভাতৃও কৰ্মসূত্ৰে বেংগালুৰুত থাকে যদিও বৰ্তমানলৈ জগতৰ কোনো শুংসূত্ৰ লাভ নকৰাত যুৱকজন দুৰ্বৃত্তৰ কৱলত পৰাৰ সন্দেহ প্ৰকাশ কৰে পৰিয়ালৰ লোকে ৷

ABOUT THE AUTHOR

...view details