নাজিৰা, ৪ অক্টোবৰঃ সমগ্ৰ দেশতে এতিয়া দুৰ্গা পূজাৰ আনন্দ ৷ পূজাৰ প্ৰাকক্ষণতে নাজিৰাত পথৰ কাষত অনশনত বহিল কংগ্ৰেছ কৰ্মী আৰু সাধাৰণ জনতা ৷ নাজিৰাৰ জৰাজীৰ্ণ পথ সমূহ নিৰ্মাণৰ দাবীতে শুক্ৰবাৰে অনশন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত নাজিৰাৰ কলেজ তিনিআলিত ৰূপায়ণ কৰা হয় ছয় ঘণ্টীয়া অনশন কাৰ্যসূচী ৷
নাজিৰাত অনশনত বহিল কংগ্ৰেছ কৰ্মীৰ লগতে সাধাৰণ জনতা - কংগ্ৰেছ কৰ্মী
নাজিৰাৰ জৰাজীৰ্ণ পথ সমূহ নিৰ্মাণৰ দাবীতে শুক্ৰবাৰে অনশনৰ কাৰ্যসূচী কংগ্ৰেছ কৰ্মীৰ লগতে সাধাৰণ জনতাৰ ৷
![নাজিৰাত অনশনত বহিল কংগ্ৰেছ কৰ্মীৰ লগতে সাধাৰণ জনতা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4647159-thumbnail-3x2-a.jpg)
নাজিৰাত অনশনত বহিল কংগ্ৰেছ কৰ্মীৰ লগতে সাধাৰণ জনতা
নাজিৰা সমষ্টিৰ গেলেকী আলি, বৰআলি, ধোদৰ আলি, চন্টক চৰাইদেউ সংযোগী পথ, চকীমুখ- বৰবৰুৱা সংযোগী পথ, ৰাজগড় পথ, ৰহদৈ আলিৰ লগতে নাজিৰাৰ জৰাজীৰ্ণ পথ সমূহ নিৰ্মাণৰ দাবী জনাই অহাৰ পিছতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এই অনশন কাৰ্যসূচী হাতত লয় কংগ্ৰেছ কৰ্মী তথা সাধাৰণ ৰাইজে ৷
নাজিৰাত অনশনত বহিল কংগ্ৰেছ কৰ্মীৰ লগতে সাধাৰণ জনতা
অনশনত কাৰ্যসূচীত অংশগ্ৰহণ কৰে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁইকে ধৰি বহু জেষ্ঠ কংগ্ৰেছ কৰ্মীয়ে ৷