অসম

assam

ETV Bharat / state

বিশ্ব পৰ্যটন দিৱস: মৃতপ্ৰায় পৰ্যটন ক্ষেত্ৰ

আজি ৰাষ্ট্ৰ সংঘৰ বিশ্ব পৰ্যটন দিৱস । ১৯৮০ চনৰ পৰা ৰাষ্ট্ৰ সংঘৰ উদ্যোগত এই দিৱস উদযাপন কৰি অহা হৈছে । কিন্তু বিগত ৪০ বছৰত এই দিৱস আজিৰ দৰে কেতিয়াও পালন কৰা হোৱা নাছিল । এই বৰ্ষত কৰ'ণা অতিমাৰীৰ বাবে ম্লান পৰি ৰ'ল এই দিৱস ৷

মৃতপ্ৰায় পৰ্যটন ক্ষেত্ৰ
মৃতপ্ৰায় পৰ্যটন ক্ষেত্ৰ

By

Published : Sep 27, 2020, 7:04 PM IST

শিৱসাগৰ, 27 ছেপ্তেম্বৰ:১৯৮০ চনৰ ২৭ ছেপ্তেম্বৰত পোনপ্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছিল বিশ্ব পৰ্যটন দিৱস ৷ প্ৰতি বছৰে বিশ্বৰ এখন ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত এই দিৱস পালন কৰি অহা হৈছে ৷ বিগত বছৰত ভাৰতত উদযাপন হৈছিল এই দিৱস ৷ কিন্তু এই বছৰ দক্ষিণ আমেৰিকাৰ দেশ গোটৰ উদ্যোগত এই দিৱস উদযাপন কৰা হৈছে ৷ অসম চৰকাৰে ইতিমধ্যে এই দিৱস উপলক্ষে পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰিছে ৷ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত শিৱসাগৰতো পৰ্যটন দিৱস উদযাপন কৰা হৈছে অনুষ্টুপীয়া কাৰ্যসূচীৰ মাজেৰে ৷ এই বছৰৰ পৰ্যটন দিৱসৰ বিশেষ লক্ষ্য গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন ৷

বিশ্ব পৰ্যটন দিৱস: মৃতপ্ৰায় পৰ্যটন ক্ষেত্ৰ

উল্লেখ্য যে, কৰ'ণা অতিমাৰীয়ে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে, বিশেষকৈ প্ৰভাৱিত কৰিছে পৰ্যটন ক্ষেত্ৰটোক ৷ ইতিমধ্যে বিশ্বৰ প্ৰায় ১০ ৰ পৰা ১২ কোটি পৰ্যটন খণ্ডৰ সৈতে জড়িত লোকে সংস্থাপন হেৰুৱাৰ উপক্ৰম হৈছে এই মহামাৰীয়ে সৃষ্টি কৰা মন্দাৱস্থাৰ বাবে ৷ ব্যতিক্ৰম নহয় অসমৰ অন্যতম পৰ্যটনস্থলী শিৱসাগৰ ৷ আহোম ৰাজত্বৰ পৰা বৃটিছ ওপনিৱেশৰ স্বাক্ষৰ বহন কৰা পৰ্যটনস্থলী শিৱসাগৰ সম্প্ৰতি পৰ্যটক শূন্য ৷

মৃতপ্ৰায় পৰ্যটন ক্ষেত্ৰ

শিৱসাগৰৰ তলাতল ঘৰ,ৰংঘৰ,কাৰেংঘৰ, বিষ্ণু দল,চৰাইদেউ ময়দাম এই পাঁচ প্ৰাচীন কীৰ্তিচিহ্নত বিগত বৰ্ষত অৰ্থাৎ ২০১৯ বৰ্ষত মুঠ ঘৰুৱা পৰ্যটকৰ সংখ্যা আছিল ৩,৪৯,০২৬ আৰু বিদেশী পৰ্যটকৰ সংখ্যা আছিল ৩,১৯৯ ৷ কিন্তু চলিত বৰ্ষৰ প্ৰথমাৰ্ধতে ইয়াৰ পৰিমাণ 65 শতাংশ হ্ৰাস পোৱা বুলি জানিবলৈ দিয়ে বিভাগীয় কৰ্তৃপক্ষই ৷ যিয়ে ক্ষতিগ্ৰস্ত কৰিছে এই ক্ষেত্ৰত খনৰ লগত জড়িত একাংশ লোককো ৷

আৰ্থিক মন্দাৱস্থাই জুৰুলা কৰিছে পৰ্যটন ক্ষেত্ৰক ৷ যাক পুনৰুজ্জীৱিত কৰাৰ বাবে হয়তো প্ৰয়োজন হ'ব যথেষ্ট সময়ৰ ৷ পৰ্যটকৰ অভাৱত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে গাইড সকলৰ ৷ সেয়ে ভাল দিন ঘূৰি অহাৰ আশা কৰাৰ লগতে তেওঁলোকৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰ্যটন বিভাগক অনুৰোধ জনালে এগৰাকী গাইডে ৷ পৰ্যটন ক্ষেত্ৰখনক পুনৰুজ্জীৱিত কৰাৰ বাবে পাৰ্যমানে চেষ্টা কৰাৰ আশ্বাস বিভাগীয় কৰ্তৃপক্ষই প্ৰদান কৰিছে যদিও, সেইয়া কিমান দূৰ সম্ভৱ হয় সময়তহে লক্ষণীয় হ'ব ৷

লগতে পঢ়ক:বিশ্ব পৰ্যটন দিৱস উপলক্ষে ওড়িশাৰ সমুদ্ৰতীৰত নান্দনিক বলুকাশিল্প

ABOUT THE AUTHOR

...view details