শিৱসাগৰ, 20 মাৰ্চ :আজি বিশ্ব ঘৰচিৰিকা দিৱস (World Sparrow Day) । সকলোৰে চিনাকি এই চৰাইবিধৰ সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰত্যেক বছৰে ২০ মাৰ্চৰ দিনটোত পালন কৰা হয় বিশ্ব ঘৰচিৰিকা দিৱস । সেই উপলক্ষ্যে বিভিন্ন ঠাইত প্ৰকৃতিপ্ৰেমী সংগঠনে হাতত লৈছে বিভিন্ন কাৰ্যসূচী ।
শিৱসাগৰত নেচাৰ্চ বেকন ৰংপুৰ আঞ্চলিকৰ উদ্যোগত আৰোগ্য নাচিং প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত লুপ্তপ্ৰায় ঘৰচিৰিকা সংৰক্ষণ, ঘৰচিৰিকাৰ বাঁহ সজাৰ প্ৰণালী প্ৰদৰ্শন আৰু কুইজ প্ৰতিযোগিতা আয়োজন কৰা হয় (Sparrow Day special event in Sivsagar) । পুঁৱাৰ ফেহুৱালি ৰ'দজাক আহি চোতালত পৰাৰ লগে লগে কিৰিচ কিৰিচ মাতেৰে ঘৰৰ চৌদিশ মুখৰিত হৈ উঠে এজাক ঘৰচিৰিকাৰ কলৰৱত । কিন্তু এইয়া হৈছে কিছু বছৰ পূৰ্বৰ গ্ৰাম্য অঞ্চলৰ এক জীয়া পটভূমি । সম্প্ৰতি শিল, ইটা, বালিৰে সজা ডাঙৰ ডাঙৰ অট্টালিকা সদৃশ ঘৰ তথা পৰিৱেশৰ সালসলনিৰ বাবে বিলুপ্ত হ’বলৈ ধৰিছে ঘৰ চিৰিকাৰ সংখ্যা ।
ভাৰতৰ নেচাৰ ফৰএভাৰ ছ'ছাইটি (Nature Forever Society celebrates World Sparrow Day) নামৰ এক সংস্থাৰ আহ্বান মৰ্মে পোন প্ৰথম বাৰৰ বাবে ২০১০ চনত পালন কৰা হৈছিল এই ঘৰচিৰিকা দিৱস । এতিয়াৰ প্ৰজন্মৰ বহুতেই ঘৰচিৰিকা চিনি নাপায় যদিও এটা সময়ত গাঁৱৰ ঘৰবোৰৰ চোতালত ঘৰচিৰিকা উৰি আহি পৰাটো আছিল আমাৰ সকলোৰে বাবে এক চিনাকি দৃশ্য । বহুতে এই চৰাইবিধক ঘনচিৰিকা বুলিও অভিহিত কৰে ৷