অসম

assam

ETV Bharat / state

Earth Day: শিৱসাৰত বিশ্ব ধৰিত্ৰী দিৱস পালন

সমগ্ৰ বিশ্বই পালন কৰিছে ধৰিত্ৰী দিৱস(World earth day 2022) । অসমৰো বিভিন্ন জিলাত শুকুৰবাৰৰ দিনটোত পালন কৰা হৈছে এই দিৱস । সমান্তৰালভাৱে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়টো বিশ্ব ধৰিত্ৰী দিৱস ২০২২ৰ আয়োজন কৰা হয় (World earth day 2022 celebration in Sivsagar)।

World Eath Day celebrate at Sivsagar Girl's college
World Eath Day celebrate at Sivsagar Girl's college

By

Published : Apr 22, 2022, 6:51 PM IST

শিৱসাগৰ,২২ এপ্ৰিল: শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংগঠন "আৰণ্যক"ৰ সহযোগত আজি মহাবিদ্যালয়খনত দিনযোৰা কাৰ্যসূচীৰে বিশ্ব ধৰিত্ৰী দিৱস ২০২২ উদযাপন কৰা হয়(World Eath Day celebrate at Sivsagar Girl's college) । মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ৰীতা বৰকটকীয়ে ধৰিত্ৰী দিৱসৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ।

কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মহাবিদ্যালয় খনৰ ছাত্ৰী সকলৰ মাজত প্ৰকৃতিৰ সংৰক্ষণ, বহনক্ষম উন্নয়ন আদি বিষয় সামৰি এখন সজাগতা সভাৰ আয়োজন কৰা হয় । এই সভাত মহাবিদ্যালয়খনৰ ভূগোল বিভাগৰ সহযোগী অধ্যাপক ড৹ মেদিনী হাজৰিকাই নিৰ্দিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰে আৰু সামাজিক চেতনা,প্ৰকৃতি সংৰক্ষণ আদিকে ধৰি বিভিন্ন বিষয় সামৰি এক মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে ।

শিৱসাৰত বিশ্ব ধৰিত্ৰী দিৱস পালন

অনুষ্ঠানত স্বেচ্ছাসেৱী অনুষ্ঠান আৰণ্যকৰ হৈ হীৰেন দত্ত আৰু প্ৰণৱ গোস্বামীয়ে অংশগ্ৰহণ কৰে । এই দিৱসৰ অনুষ্ঠানতে সৰ্প বান্ধৱ বিশ্বজিত বৰুৱাক বিশেষ সম্বৰ্ধনা জনোৱা হয় । উল্লেখযোগ্য যে ১৯৬৯ চনত চান ফ্ৰান্সিস্ক'ত হোৱা ইউনেস্ক'ৰ (UNESCO) এক আলোচনাচক্ৰত শান্তি উদ্যোগী জন মেককনেলে বিশ্ব শান্তি আৰু পৃথিৱীৰ সন্মানাৰ্থে এই দিনটোৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল ।

১৯৯০ চনৰ পৰা এই দিৱস সমগ্ৰ বিশ্ব জুৰি পালন কৰি অহা হৈছে । প্ৰত্যেক বছৰৰ ২২ এপ্ৰিলৰ দিনটোত বিশ্বজুৰি এই ধৰিত্ৰী দিৱস পালন কৰি পৰিবেশ আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়(World Earth Day)।

লগতে পঢ়ক:থিয় নামেৰে বৰপেটা সত্ৰত সামৰণি পৰিল সাত বিহুৰ

ABOUT THE AUTHOR

...view details