শিৱসাগৰ, 4 জানুৱাৰী: দিল্লীৰ দৰে আগশাৰীৰ চহৰত উচ্চ শিক্ষা লাভ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় মানৰ বহুজাতিক কোম্পানীত উচ্চ নিৰিখৰ দৰমহাৰে চাকৰি কৰাৰ পাছতো জন্ম ভূমিৰ সেউজীয়া সুবাসে হাত বাউল দি মাতি অনা যুৱক দুজন হ'ল উপমণ্যু বৰকাকতি আৰু অংশুমান ভৰালী ৷ স্বাধীন ব্যৱসায় আৰু অসমৰ উৎপাদিত সম্পদক বিশ্বৰ বজাৰত প্ৰতিষ্ঠা কৰাৰ মানসেৰে উপমণ্যু, অংশুমানে আৰম্ভ কৰিলে অসমৰ চাহৰ এক তথ্য ভিত্তিক গৱেষণা ৷
বিশ্বৰ বজাৰত স্থান পাইছে শিৱসাগৰৰ উলাহ চাহে চাহ উৎপাদিত অসমৰ প্ৰতিখন জিলা পুংখানুপুংখ অধ্যায়ণ কৰাৰ লগতে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত জৈৱিক চাহক কিদৰে উচ্চমান বিশিষ্টৰে বিশ্বৰ বুকুত এখন নতুন বজাৰ প্ৰতিষ্টা কৰিব পাৰি তাৰেই প্ৰয়াস কৰিলে যুৱক দুগৰাকীয়ে ৷ যাৰ বাবে চিকিম, অৰুণাচল, দাৰ্জিলং পৰ্যন্ত তথ্য ভিত্তিক অনুসন্ধান আৰু গৱেষণাত নামি পৰিল উপমণ্যু আৰু অংশুমান ৷
এটি কলি দুটি পাতেৰে বিশ্ব জয়ৰ সপোন দেখা দুগৰাকী যুৱক সেইয়া আছিল বুকুত পুহি ৰখা সপোনৰ বহিঃ প্ৰকাশ ৷ ২০১৫ চনৰ পৰা এটা বছৰ গবেষণা, অধ্যয়ন কৰাৰ পাছতেই বুকুৰ সপোনক দিঠক ৰুপ দিবৰ বাবে গঢ় দিলে দা টি লিফ থিয়ৰী নামৰ এটা ব্ৰেণ্ড ৷ লক্ষ্য এটি কলি দুটি পাতক বাগিছাৰ পৰাই একেই ৰূপত সংগ্ৰহ কৰি বিশেষ যন্ত্ৰৰ সহায়ত এটা ক্ষুদ্ৰ সংমিশ্ৰণলৈ ৰূপান্তৰিত কৰি একেই ৰূপত গ্ৰাহকৰ পিয়লালৈ লৈ যোৱা ৷
উপমণ্যু-অংশুমানৰ জৈৱিক চাহ ৰপ্তানি অনলাইন প্ৰক্ৰিয়াৰে অব্যাহত ৰাখিছে লক্ষ্য যদি স্থিৰ তেন্তে সপোন বাস্তৱায়িত হোৱাত কোনো শক্তিয়েই প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে ৷ এনেদৰেই বাগানৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা জৈৱিক চাহক বিশ্বৰ বজাৰলৈ উলিয়াই নিয়াৰ যাত্ৰা আৰম্ভ কৰে তেওঁলোকে ৷ ইয়াৰ বাবে নিজৰ মনোনীত ক্ষুদ্ৰ চাহ খেতিয়কৰ সহায়ত স্থাপন কৰে একোটিকৈ মাইক্ৰ' ফেক্টৰী ৷ এই মাইক্ৰ' ফেক্টৰীৰ সহায়ত কেইবাটাও তৰপত স্বাস্থ্য সন্মত উন্নত চাহৰ টোপোলা বৰ্তমান সময়ত দা টি লিফ থিয়ৰী নামেৰে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ৷
পাতক বাগিছাৰ পৰা সংগ্ৰহ কৰি বিশেষ যন্ত্ৰৰ সহায়ত এটা ক্ষুদ্ৰ সংমিশ্ৰণলৈ ৰূপান্তৰিত কৰি একেই ৰূপত গ্ৰাহকৰ পিয়লালৈ লৈ গৈছে তেওঁলোকে আনহাতে অসমৰ চাহৰ গুণগত মানদণ্ডক যাতে বিশ্বৰ চাহৰ বজাৰখনত উপযুক্ত সন্মান আৰু মৰ্যাদাৰে এক নতুন মাত্ৰা আৰু চিনাকি দিব পাৰি তাৰ বাবে উপমণ্যু, অংশুমানে আৰম্ভ কৰিলে দ্বিতীয়টো ব্ৰেণ্ড 'উলাহ' ৷ আনন্দ, সুখ, আমেজ শব্দৰ ভিত্তিতেই উলাহ নামৰে গঠন কৰা ব্ৰেণ্ডৰ সহায়ত উচ্চ মানবিশিষ্ট চাহ উৎপাদনৰ এক অভিযানৰ পাতনি মেলে তেওঁলোকে ৷
অতি উন্নত মানদণ্ডৰ অৰ্থ'ডস্ক চাহ একেই পদ্ধতিৰে যাতে প্ৰতিজন চাহৰ গ্ৰাহকে সোৱাদ পায় তাৰ বাবে প্ৰচেষ্টা হাতত লয় দুয়োৱে৷ ক্ষুদ্ৰ চাহ খেতিয়কৰ মানদণ্ড যাতে আৰু উচ্চতালৈ নিব পাৰি তাৰ বাবে লয় নতুন গৱেষণা আৰু অধ্যয়ন কৰে ৷ এই গবেষণা, অধ্যয়নৰ পৰিণতিত সৃষ্টি কৰা উলাহ ব্ৰেণ্ডৰ চাহে নৰ্থ আমেৰিকা আৰু ইউৰোপৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৷
প্ৰাকৃতিক সুগন্ধিযুক্ত চাহৰ একোটি টোপোলাৰ বৰ্তমানৰ বজাৰ মূল্য ৬৮০ টকা ইতিমধ্যে পেটেন্টৰ বাবে ভাৰত চৰকাৰৰ ওচৰত যাৱতীয় নীতি নিয়মৰ মাজেৰে আবেদন জনোৱা উপমণ্যু-অশুমান আশাবাদী যে অচিৰেই তেওঁলোকৰ উলাহে ভাৰত চৰকাৰৰ পেটেন্ট লাভ কৰিব ৷ বৰ্তমান সময়ত তেওঁলোকে 2 হাজাৰৰ পৰা 3 হাজাৰ কেজি পৰ্যন্ত অতি উন্নত মানদণ্ডৰ জৈৱিক চাহ বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে । প্ৰতি কেজিত ন্যূনতম ২৫০০ টকাৰ পৰা আৰম্ভ হোৱা উপমণ্যু-অংশুমানৰ জৈৱিক চাহ ৰপ্তানি অনলাইন প্ৰক্ৰিয়াৰে অব্যাহত আছে ৷
বিশ্বৰ বজাৰত স্থান পাইছে শিৱসাগৰৰ উলাহ চাহে আপোচবিহীন গুণগত মানদণ্ড, জাতীয় ঐতিহ্য, জাতীয় সম্পদৰ লগত জড়িত স্বাভিমানক মূলধন হিচাপে লৈ অসম আৰু উত্তৰ-পূৰ্বক পৃথিৱীৰ চাহৰ বজাৰত এক চিনাকি নাম কৰি তুলাৰ বাবে www,woolahtea,com ত যোগাযোগ কৰিবৰ বাবেও ৰাইজক আহ্বান জনাইছে তেওঁলোকে৷
দা টি লিফ থিয়ৰী আৰু উলাহ ব্ৰেণ্ডৰ চাহেৰে দখল কৰিছে আমেৰিকা, ইউৰোপৰ বজাৰ এটি কলি দুটি পাতৰ সেই প্ৰাকৃতিক সুগন্ধি যুক্ত চাহৰ একোটি টোপোলাৰ বৰ্তমানৰ বজাৰ মূল্য নিৰ্ধাৰণ কৰিছে ৬৮০ টকাকৈ ৷ যিটো টোপোলাৰ ভিতৰত থাকিব মুঠ ৩১ টা ক্ষুদ্ৰ চাহৰ পেকেট ৷ উপমণ্যু, অংশুমানৰ চিন্তা, কৰ্মোদ্যম কেৱল ব্যৱসায় সম্প্ৰসাৰণ অথবা উন্নতিৰ জখলাত বগাই যোৱায়েই নহয় ,তেওঁলোকৰ মূল লক্ষ্য হ'ল গ্ৰাহকক চাহৰ প্ৰকৃত আমেজ দিয়াৰ লগতে ৰাজ্যখনৰ নাম বিশ্বৰ বুকুত নতুন ৰূপত তুলি ধৰা ৷
শিৱসাগৰৰ হস্পিতেল ৰোডৰ ভৰালী কম্প্লেক্সৰ পিছফালে ৪ জন অতিৰিক্ত কৰ্মচাৰীসহ কাৰ্যালয় স্থাপন কৰা অংশুমান-উপমণ্যুৰ এনে কৰ্মস্পৃহা, উদ্যোগী মন আৰু অসমৰ সামগ্ৰীক বিশ্বৰ বজাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগন্তুক সময়ৰ বাবে আন বহুজন দুৰন্ত অসমীয়াৰ আদৰ্শ হৈ ৰওক ।
লগতে পঢ়ক:72 সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত উজ্বলিব অসমৰ চাহ