বয়সে বলাব নোৱাৰা এগৰাকী মহিলা শিৱসাগৰ, ১০ আগষ্ট :সুদীৰ্ঘ জীৱন শিক্ষাৰ পোহৰ বিলোৱা এগৰাকী শিক্ষয়ত্ৰী । ক্ৰীড়াৰ প্ৰতি মহিলগৰাকীৰ অগাধ হাবিয়াস । শিক্ষক বৃত্তিৰ পৰা অৱসৰ গ্ৰহণৰ পাচতো ক্ৰীড়াৰ সাধনা অব্যাহত ৰাখিছে মহিলাগৰাকীয়ে । তেওঁ হ’ল শিৱসাগৰ জিলাৰ জাজী গড়মূৰ ব্ৰাহ্মণ গাঁৱৰ প্ৰয়াত খগেন্দ্ৰ বৰকটকীৰ জ্যেষ্ঠ কন্যা আৰু বৰ্তমান তিনিচুকীয়া জিলাৰ কাকপথাৰ নিবাসী প্ৰবীণ এথলীট বীণা বৰকটকী ।
ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় এথলেটিক্চ প্ৰতিযোগিতাত ভাৰতকবৰ্ষক প্ৰতিনিধিত্ব কৰি ৪০০, ২০০ আৰু ১০০ মিটাৰ দৌৰত আঁজুৰিলে তিনিটাকৈ স্বৰ্ণপদক । বিগত ১ আগষ্টৰ পৰা ডুৱাইত অনুষ্ঠিত হোৱা এছবিকেএফ অষ্টম আন্তঃৰাষ্ট্ৰীয় গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰীগৰাকীয়ে ।
সংযুক্ত ভাৰতীয় খেল ফেডাৰেচন, চমুকৈ এছবিকেএফৰ উদ্যোগত ডুবাই স্পৰ্টছ এছোচিয়েছনৰ অনুমোদনত আৰু ইন্দুশ্ৰী অৰ্গেনাইজেছনৰ আতিথ্যত যোৱা ১ আগষ্টৰ পৰা ৬ আগষ্টলৈ অনুষ্ঠিত হৈছিল এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা । ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিকছত পদক অৰ্জন কৰিছে অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰীগৰাকীয়ে ।
বয়সে বলাব নোৱাৰা এগৰাকী মহিলা চাকৰি জীৱনৰ পৰাই ক্ৰীড়াৰ সৈতে জড়িত মহিলাগৰাকীয়ে অৱসৰৰ পাচতো অব্যাহত ৰাখিছে ক্ৰীড়াৰ সাধনা । নৱ-প্ৰজন্মৰ খেলুৱৈসকলক খেলৰ প্ৰতি আগ্ৰহী কৰিবৰ বাবে প্ৰশিক্ষণ প্ৰদানৰ সমান্তৰালকৈ বহুকেইটা পদকেৰে সমগ্ৰ ভাৰতবৰ্ষ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰবীণ এথলীট অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী বীণা বৰকটকীয়ে ।
প্ৰবীণ এথলীট অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী বীণা বৰকটকীৰ লগতে ইউনাইটেড আৰব এমিৰেটছৰ ডুবাইত অনুষ্ঠিত হোৱা SBKF আন্তঃৰাষ্ট্ৰীয় গেমছত উজলিল কাৰ্বি আংলঙৰ দুই মহিলা ক্ৰীড়াবিদে ৷ এই দুই খেলুৱৈ হৈছে ক্ৰমে ডিফুৰ পখিলা ইংতিপী আৰু বকলীয়াঘাটৰ ৰত্না বাৰিক ৷ ডুবাই স্পৰ্টছ কাউঞ্চিলৰ উদ্যোগত অনুষ্ঠিত হোৱা SBKF আন্তঃৰাষ্ট্ৰীয় গেমছত ভাৰতীয় দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি দুই খেলুৱৈয়ে ৬ টাকৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে ৷
জানিব পৰা মতে, SBKF আন্তঃৰাষ্ট্ৰীয় গেমছৰ ৩৫ ৰ শাখাত পখিলা ইংতিপীয়ে ২০০, ৪০০ মিঃ দৌৰ আৰু ৩০০০ মিঃ খোজকঢ়াত সোণৰ পদক আৰু ৰত্না বাৰিকে ৩০ৰ শাখাত ১০০ আৰু ২০০ মিঃ দৌৰ আৰু দীঘল জাপত সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক :SBKF 8th international games: ডুবাইত অনুষ্ঠিত অষ্টম SBKF আন্তঃৰাষ্ট্ৰীয় গেমছত উজলিল দুই অসম কন্যা