অসম

assam

By

Published : Feb 7, 2023, 12:15 PM IST

ETV Bharat / state

Illegal liquor shop in Sivasagar: সুৰাৰ অবৈধ বিপনী ভাঙিবলৈ এইবাৰ ওলাল মহিলা

অবৈধ সুৰাৰ বিৰুদ্ধে মহিলাৰ অভিযান (Mission against illegal liquor) ৷ শিৱসাগৰৰ কালুগাঁৱত অঞ্চলটোৰ একাংশ সচেতন মহিলাই অভিযান চলাই কেইবাখনো দোকানৰ পৰা জব্দ কৰিলে অবৈধভাৱে বিক্ৰীৰ বাবে মজুত ৰখা বৃহৎ পৰিমাণৰ সুৰা (Illegal liquor shop in Sivasagar) ৷

Seized illegal liquor in Sivsagar
অবৈধ সুৰাৰ দোকান ভাঙিবলৈ এইবাৰ ওলাল মহিলা

অবৈধ সুৰাৰ দোকান ভাঙিবলৈ এইবাৰ ওলাল মহিলা

আমগুৰি, ৭ ফেব্ৰুৱাৰী : ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে সুৰাৰ দোকানৰ সংখ্যা । কাঠফুলাৰ দৰে বাঢ়ি অহা সুৰাৰ দোকানৰ হাৰ বৃদ্ধিয়ে সমাজত বৃদ্ধি কৰিছে সুৰাপায়ীৰ সংখ্যাও । ইয়ে ক্ৰমাৎ বিনষ্ট কৰি তুলিছে সামাজিক বাতাবৰণ (Mission against illegal liquor) ৷ আনকি সুৰাৰ বাবেই বহু ঘৰ ধ্বংসৰ গৰাহত পৰি একোটা সুখৰ পৰিয়াল চকুৰ পচাৰতে থানবান হৈ পৰা দেখিবলৈ পোৱা গৈছে একমাত্ৰ সুৰাৰ বাবেই ৷ চৰকাৰী সুৰাৰ বিপনীতো বাদেই, ৰাজ্যৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠিছে সুৰাৰ বহু অবৈধ বিপনীও ৷ এনে পৰিপেক্ষিতত অতিষ্ঠ হৈ এই সামাজিক ব্যাধিটোক নাশ কৰাৰ উদ্দেশ্যৰে এইবাৰ পথলৈ মাৰ বান্ধি ওলায় আহিছে এদল মহিলা (Women come out to break into illegal liquor shop) ৷

অবৈধ সুৰাৰ দোকান ভাঙিবলৈ এইবাৰ ওলাল মহিলা

শিৱসাগৰ জিলাৰ কালুগাঁৱত অবৈধ সুৰাৰ বিপণীৰ বিৰুদ্ধে ওলায় আহে একাংশ সচেতন মহিলা ( Sivasagar police seized illegal liquor ) ৷ গাঁওখনৰ বিভিন্ন দোকানত অনুজ্ঞাপত্ৰ অবিহনেই একাংশ দোকানীয়ে লাভৰ অংকত বিক্ৰী কৰি আহিছিল বিভিন্ন ব্ৰেণ্ডৰ সুৰা ৷ এই বিষয়ে অৱগত হোৱাৰ পিচতে অবৈধভাৱে মজুত ৰখা দোকানবোৰৰ বিৰুদ্ধে অভিযান চলালে কালুগাঁৱৰ মহিলাসকলে ৷ ক্ষোভিত মহিলাৰ দলটোৱে অবৈধভাৱে সুৰা বিক্ৰী কৰি অহা দোকান ভাঙিবলৈ সোমবাৰৰ নিশাই ৰাজপথলৈ ওলাই অহা দেখিবলৈ পোৱা গ'ল ।

মহিলাসকলে এই অভিযান সন্দৰ্ভত সংবাদ মাধ্যমক জানিবলৈ দি কয় যে, অঞ্চলটোত কাঠফুলাৰ দৰে সুলভ হৈ পৰা সুৰাই বিনষ্ট কৰি তুলিছে শৈক্ষিক আৰু সামাজিক পৰিৱেশ ৷ অঞ্চলটোত সুস্থ পৰিৱেশ বৰ্তাই ৰখাৰ স্বাৰ্থত মহিলাসকলে এনে পদক্ষেপ গ্ৰহণ কৰাৰ লগতে নিজেই ৰাজপথলৈ ওলাই আহে বুলি উল্লেখ কৰে । সোমবাৰৰ নিশা আমগুৰিৰ কালুগাঁৱৰ মহিলাসকলে চলোৱা এই সুৰা বিৰোধী অভিযানত মহিলা দলটোৰ লগত আছিল জিলাখনৰ আৰক্ষী-আবকাৰী বিভাগৰ লোক ।

কালুগাঁৱৰ মহিলা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত মহিলা সকলে তথা আৰক্ষী-আবকাৰী বিভাগৰ সহযোগত নিশাৰ ভাগত এনেদৰে সুৰাৰ অবৈধ বিপণীৰ বিৰুদ্ধে অভিযান চলোৱা দেখা গ'ল । অভিযান কালত বহু পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী-আবকাৰী বিভাগৰ লোকে । উল্লেখ্য যে, কালুগাঁৱৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ ঘাটিত অনৈতিক কাৰ্য সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল বুলি মহিলা গাঁওৰক্ষী বাহিনীৰ মহিলাসকলে জানিবলৈ দিয়ে । উঠি অহা প্ৰজন্মৰ লগতে বৃদ্ধ লোকেও সুৰা সেৱন কৰাৰ ফলত অঞ্চলটোত সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে ঘৰবোৰতো গাৰ্হস্থ্য হিংসা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে (VDP Ovijan against illegal Wine Shop in Sivasagar)।

এনে পৰিপেক্ষিতত অঞ্চলটোত সুস্থ বাতাবৰণ ঘূৰি আহিবলৈ অঞ্চলটোৰ সচেতন মহিলাসকলে অবৈধ সুৰাৰ দোকানত অভিযান চলাই সুৰা ব্যৱসায়ীসকলক আগলৈ এনে নকৰিবলৈ সতৰ্ক কৰি দিয়ে ।

লগতে পঢ়ক : Divyangjan Mancha Protest: নিযুক্তি দিয়ক নহ’লে গুলিয়াই মাৰক, এই দাবীৰে ৰাজ্যৰ দিব‍্যাংগসকলৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details