আমগুৰি, 19 জুন : মঙলবাৰে নিশা আমগুৰিৰ বৰবাম ধলোৱা পথাৰত সংঘটিত হয় এই ঘটনা ৷ ধলোৱা পথাৰৰ পুষ্পা কোঁৱৰ,গীতা ঘাটোৱাৰ আৰু জোনমণি ঘাটোৱাৰ নামৰ তিনিগৰাকীকৈ মহিলা আৰু তেওঁলোকৰ পৰিয়ালক ডাইনীৰ সন্দেহত হাৰাশাস্তি অঞ্চলটোৰ দুই স্থানীয় যুৱকৰ ৷ লাচিত গুৱালা আৰু ৰাহুল গোৱালা নামৰ দুই যুৱকে মঙলবাৰে পুষ্পা কোঁৱৰ আৰু গীতা ঘাটোৱাৰৰ বাসভৱন জ্বলাই দি পুৰি মাৰিবলৈ চেষ্টা কৰে ৷
ডাইনী সন্দেহত আমগুৰিত উদণ্ড যুৱকে জ্বলালে বাসগৃহ - ডাইনী সন্দেহ
আমগুৰিত অন্ধবিশ্বাসৰ বলি তিনিটাকৈ পৰিয়াল ৷ ডাইনীৰ সন্দেহত তিনিটাকৈ পৰিয়ালৰ লোকৰ ওপৰত আক্ৰমণ উদণ্ড যুৱকৰ ৷

ডাইনী সন্দেহত আমগুৰিত উদণ্ড যুৱকে জ্বলালে বাসগৃহ
ডাইনী সন্দেহত আমগুৰিত উদণ্ড যুৱকে জ্বলালে বাসগৃহ
এই ঘটনাৰ উমান পাই আটাছু কৰ্মীয়ে আমগুৰি আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আটক কৰে অভিযুক্ত দুই যুৱকক৷