আমগুৰি,২৫ মাৰ্চ:প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে অবৈধ ধন আৰু বিলাতী সুৰা ৷ বৃহস্পতিবাৰে আমগুৰিত উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷ AS-04-C-3710 নম্বৰৰ চেণ্ট্ৰ’ বাহনৰ পৰা উদ্ধাৰ কৰে সুৰাৰ কাৰ্টনসমূহ ৷
আমগুৰিত উদ্ধাৰ অগপৰ পতাকাসহ বিলাতী সুৰা - আমগুৰিত উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ বিলাতী সুৰা
বৃহস্পতিবাৰে আমগুৰিত উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷ AS-04-C-3710 নম্বৰৰ চেণ্ট্ৰ’ বাহনৰ পৰা উদ্ধাৰ হয় সুৰাৰ কাৰ্টনসহ অগপৰ পতাকা ৷
আমগুৰিত উদ্ধাৰ অগপৰ পতাকাসহ বিলাতী সুৰা
নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পাচতে প্ৰশাসনে সুৰাৰ সৰবৰাহ বন্ধ কৰাৰ নিৰ্দেশ দিছে যদিও নামতি লুনপুৰীয়াত অগপৰ দলীয় পতাকাসহ সুৰাৰ কাৰ্টন উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সম্প্ৰতি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সুৰাৰ বটলৰ লগতে অগপৰ দলীয় পতাকা উদ্ধাৰ কৰে ৷
Last Updated : Mar 25, 2021, 9:46 PM IST