সোণাৰি, 19 অক্টোবৰ :সোণাৰিৰ নিকটৱৰ্তী গোৱালাপথাৰ গুটিঘাটত দেওবাৰে নিশা বন্যহস্তীৰ এটা জাকে স্থানীয় লোকৰ বাৰীৰ ভিতৰত প্ৰৱেশ কৰি শাক-পাচলি, খেতি উপদ্ৰৱ চলায় ৷ প্ৰায় ৪০/৪৫ টা হাতী থকা জাকটোৱে সন্ত্ৰাস চলাই দুজন লোকৰ বাসগৃহ ভাঙি সম্পূৰ্ণ বিধ্বস্ত কৰাৰ লগতে লোক দুজনৰ পৰিয়ালকো আক্ৰমণ কৰে ৷ এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে পৰিয়ালটোৰ ।
সোণাৰিত বিগত কেইবাদিন ধৰি খাদ্যৰ সন্ধানত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে পাৰ্শ্বৱৰ্তী খামলুং, ৰতনপুৰ, কাঠনিগাঁও, চফ্ৰাই, গোৱালাপথাৰ, গুটিঘাট, টাওকাক অঞ্চলত উপদ্ৰৱ চলাই আহিছে । দেওবাৰে নিশাও হাতীৰ জাকটোৱে গাঁওখনৰ শ্ৰমিক কয়ৰা মুণ্ডা আৰু দেউৰী মুণ্ডা নামৰ লোক দুজনৰ ঘৰত প্ৰৱেশ কৰি ঘৰ ভাঙি সম্পূৰ্ণ বিধ্বস্ত কৰে । হাতীৰ জাকটোৱে দুই শ্ৰমিক পৰিয়ালৰ সদস্যসকলকো আক্ৰমণ কৰিবলৈ চেষ্টা কৰে যদিও তেওঁলোকে বিচনাৰ তলত লুকাই কোনোমতে নিজৰ প্ৰাণৰক্ষা কৰে ।