অসম

assam

ETV Bharat / state

তিনি তালাকৰ ন্যায় বিচাৰি হাহাকাৰ অধিবক্তা পত্নীৰ - শিৱসাগৰত অধিবক্তাক তিনি তালাক

শিৱসাগৰত তিনি তালাকৰ(Triple Talaq) ঘটনা ৷ এগৰাকী অধিবক্তাক স্বামীয়ে দিলে আইন বিৰোধী তিনি তালাক ৷ থানাত এজাহাৰ দাখিলৰ পাচতো আৰক্ষীৰ অভিযুক্তলৈ বিশেষ দৰদ প্ৰদৰ্শনৰ অভিযোগ ৷ ন্যায় বঞ্চিত অধিবক্তা পত্নীয়ে তাঁতবাতি কাঢ়িছে থানালৈ ৷

triple-talaq-in-sivasagar-advocate-wife-wants-justice
তিনি তালাকৰ ন্যায় বিচাৰি হাহাকাৰ অধিবক্তা পত্নীৰ

By

Published : Sep 15, 2021, 1:05 PM IST

শিৱসাগৰ, 15 ছেপ্তেম্বৰ : ৰাজ্যত পুনৰ সংঘটিত হৈছে তিনি তালাকৰ(Triple Talaq) ঘটনা ৷ শিৱসাগৰত এগৰাকী অধিবক্তাক স্বামীয়ে দিলে তিনি তালাক ৷ ধাই আলিৰ নিৱাসী চৈয়দ ৱাহিদ হুছেইন নামৰ লোকজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে পত্নীয়ে ৷

চৈয়দ ৱাহিদ হুছেইনৰ অধিবক্তা পত্নী মুচফি চুলতানা আহমেদৰ অভিযোগ অনুসৰি, বিবাহৰ দুমাহৰ পাচতে তিনি তালাক দি পত্নী মুচফিক খেদি দিয়ে স্বামীয়ে ৷ পত্নীৰ সোণৰ আ-অলংকাৰ অবৈধভাৱে Mothoot Finance ৰ জৰিয়তে বন্ধকত থয় স্বামীয়ে ৷

তিনি তালাকৰ ন্যায় বিচাৰি হাহাকাৰ অধিবক্তা পত্নীৰ

ইয়াৰোপৰি, শাহুৱেক ৰুছনা বেগমৰ 3 কঠা 7 লোচা মাটি অবৈধভাৱে দখল কৰে অধিবক্তাগৰাকীৰ স্বামীয়ে ৷ ইয়াৰ পাচতে চৈয়দ ৱাহিদ হুছেইনৰ বিৰুদ্ধে শিৱসাগৰ থানাত(Sivasagar Police Station) এক এজাহাৰ দাখিল কৰিছে মুফচিৰ মাতৃ ৰুছনা বেগমে ৷ অধিবক্তাগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 1057/21 নম্বৰত ‘Muslim Women Protection of Rights on Marriage ActB ৰ 4 নং ধাৰা, 401 আৰু 498( A) নং ধাৰাত স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷

কিন্তু স্বামী চৈয়দ ৱাহিদ হুছেইনৰ লগত মিতিৰালি কৰিছে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত অভিযুক্ত স্বামীক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে অধিবক্তা পত্নীয়ে ৷ সেয়েহে ন্যায়ৰ পৰা বঞ্চিত পত্নীয়ে ন্যায় বিচাৰি সঘনাই থানালৈ অহা-যোৱা কৰা পৰিলক্ষিত হৈছে ৷

চৰকাৰে বলৱৎ কৰা তিনি তালাক আইনকো(Triple Talaq) যেন কেৰেপ কৰা নাই একাংশ মুছলমান সম্প্ৰদায়ৰ স্বামীয়ে ৷ আইনগতভাৱে তিনি তালাক নিষিদ্ধ যদিও বৰ্তমানেও মানি লোৱা নাই একাংশ গোড়া ইছলাম ধৰ্মাৱলম্বী লোকে ৷

লগতে পঢ়ক:হিন্দু মহিলাৰ সৈতে মুছলমান পুৰুষৰ দ্বিতীয় বিবাহ অবৈধ !

ABOUT THE AUTHOR

...view details