শিৱসাগৰ,14 মে’: শুকুৰবাৰে বিশ্ব মানৱৰ কল্যাণ কামনাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ-উল-ফিটৰ । পবিত্ৰ ঈদৰ দিনাই সুদীৰ্ঘ পাঁচ বছৰৰ পাচত মুকলি আকাশৰ তললৈ আহিল শিৱসাগৰৰ এগৰাকী লোক ।
উল্লেখ্য যে, এক দুৰ্ঘটনাৰ পিছত বিগত পাঁচ বছৰে শয্যাশায়ী হৈ আছিল শিৱসাগৰ নগৰৰ সমীপৰ হাতীকোষৰ বাসিন্দা চাদিকুৰ ৰহমান । দুৰ্ঘটনাৰ ফলত বিচনাতে সময় পাৰ কৰিব লগাত পৰিছিল চাদিকুৰে ৷ তেনে সময়তে শিৱসাগৰৰ সমাজ সচেতন যুৱক তথা বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিটু বৰুৱা উপস্থিত হয় দুৰ্ভগীয়া লোকজনৰ ঘৰত ।