অসম

assam

ETV Bharat / state

তৈলখাদৰ পেলনীয়া পদাৰ্থই নষ্ট কৰিছে ডিমৰুপথাৰৰ শ শ কৃষিভূমি; জেৰেঙাতো আৰ্তনাদ কৃষকৰ - তৈল্যজাত পদাৰ্থ সমূহে ব্যাপক হাৰত প্ৰদূষিত কৰিছে কৃষিভূমি

অ'ইলে হওক বা অ'এনজিচিয়ে হওক তেওঁলোকৰ তৈলখাদসমূহ পৰা নিৰ্গত হোৱা পেলনীয়া তৈল্যজাত পদাৰ্থ সমূহে ব্যাপক হাৰত প্ৰদূষিত কৰি কৃষিভূমি (waste from oil mines are affecting farmlands) ৷ অভিযোগ অনুসৰি, তৈলখাদৰ পৰা নিৰ্গত হোৱা পেলনীয়া পদাৰ্থ কৃষিভূমিৰ সৈতে মিহলি হোৱাৰ ফলত শলগুৰি অঞ্চলৰ ডিমৰুপথাৰত 40 ৰ পৰা 50 বিঘা কৃষিভূমি খেতিৰ বাবে অনুপযোগী হৈ পৰিছে (Farmland pollution in Dimoru pathar) ৷

oil mines are affecting farmlands in Sivasagar
তৈলখাদৰ পেলনীয়া পদাৰ্থই নষ্ট কৰিছে ডিমৰুপথাৰৰ শ শ কৃষিভূমি

By

Published : Dec 12, 2021, 7:22 PM IST

আমগুৰি, 12 ডিচেম্বৰ : তেল আৰু প্ৰাকৃতিক গেছ নিগম আয়োগৰ অকৰ্মণ্যতাৰ ভয়ংকৰ ফল ভোগ কৰিছে শিৱসাগৰৰ একাংশ কৃষকে ৷ অভিযোগ অনুসৰি অ'ইলেই হওক বা অ'এনজিচিয়ে হওক তেওঁলোকৰ তৈলখাদসমূহ পৰা নিৰ্গত হোৱা পেলনীয়া তৈল্যজাত পদাৰ্থ সমূহে ব্যাপক হাৰত প্ৰদূষিত কৰিছে কৃষিভূমি (waste from oil mines are affecting farmlands) ৷ যাৰ ফলত শিৱসগাৰ জিলাৰ শলগুৰি অঞ্চলৰ কৃষক সকলে মূৰে-কপালে হাত দি'বলগীয়া হৈছে ৷

জেৰেঙাতো আৰ্তনাদ কৃষকৰ

ভুক্তভোগী কৃষক সকলে সদৰী কৰা মতে, তৈলখাদৰ পৰা নিৰ্গত হোৱা পেলনীয়া পদাৰ্থ কৃষিভূমিৰ সৈতে মিহলি হোৱাৰ ফলত শলগুৰি অঞ্চলৰ ডিমৰুপথাৰত 40 ৰ পৰা 50 বিঘা কৃষিভূমি খেতিৰ বাবে অনুপযোগী হৈ পৰিছে (Farmland pollution in Dimoru pathar) ৷ শলগুৰি জটকীয়া অঞ্চলত থকা ONGC ৰ চাৰিআলি GGS ৰ পৰা নিৰ্গত হোৱা পেলনীয়া পদাৰ্থ পথাৰত প্ৰৱেশ কৰা ফলত বহু বিঘা কৃষিভূমি নষ্ট হৈ পৰিছে ৷

2015 চনৰ পৰা GGS টোৰ পৰা নিৰ্গত হোৱা পেলনীয়া পদাৰ্থ খেতি পথাৰত এৰি আহিছে ONGC কৰ্তৃপক্ষই ৷ এই পদাৰ্থই খেতিভূমি নষ্ট কৰাৰ কথা ONGC কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰা হৈছে যদিও এই পেলনীয়া পদাৰ্থবোৰ এৰি দিয়াৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰা নাই ONGC কৰ্তৃপক্ষই ৷ তদুপৰি নষ্ট হোৱা খেতি আৰু কৃষিভূমিৰ ক্ষতিপূৰণ বিচাৰি বহুবাৰ ক্ষতিগ্ৰস্ত কৃষকসকলে ONGC কৰ্তৃপক্ষক আবেদন জনাইছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই তৈল উৎপাদনকাৰী প্ৰতিষ্ঠানটোৱে ৷

উল্লেখ্য যে, প্ৰায় 100 টাতকৈও অধিক ভুক্তভোগী কৃষক পৰিয়ালে ডিমৰুপথাৰৰ সমস্যাৰ বিষয়ে শিৱসাগৰ জিলা প্ৰশাসনকো অৱগত কৰিছে ৷ কিন্তু অভিযোগৰ ভিত্তি আজিকোপতি জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে শলগুৰি কৃষক ৰাইজে ৷

ইফালে, কালুগাঁৱৰ সমীপৰ শিৱসাগৰ জিলাৰ ঐতিহাসিক জেৰেঙা পথাৰত ব্যাপক হাৰত উপদ্ৰৱ চলাইছে বনৰীয়া ৰাজহাঁহে(Wild swan nuisance in jerenga pathar) ৷ জেৰেঙাৰ হাজাৰ হাজাৰ কৃষিভূমিৰ শস্যৰ বনৰীয়া ৰাজহাঁহে খাই নষ্ট কৰা বুলি সদৰী কৰিছে একাংশ কৃষক ৰাইজে ৷ জানিবলৈ দিয়া মতে, জেৰেঙাই সোণালী বৰণ লওঁতেই শ শ বিঘা পকা ধাননীত উপদ্ৰৱ আৰম্ভ হয় বনৰীয়া ৰাজহাঁহৰ ৷

তৈলখাদৰ পেলনীয়া পদাৰ্থই নষ্ট কৰিছে ডিমৰুপথাৰৰ শ শ কৃষিভূমি

এটাও পতান বাকী নথকাকৈ জেৰেঙা পথাৰৰ শ শ বিঘা পকা ধাননী খাই তহিলং কৰিছে বনৰীয়া ৰাজহাঁহে ৷ ফলত এতিয়া হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে কৃষক ৰাইজৰ ৷ কৃষক সকলে সাংবাদিকৰ আগত কয়, জেৰেঙাৰ ওপৰতে নিৰ্ভৰ কৰে হাজাৰ হাজাৰ কৃষকৰ পৰিয়াল ৷ ল'ৰা-ছোৱালী পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি কৃষক পৰিয়ালৰ অৰ্থনীতি দিশটো এই জেৰেঙাৰ ওপৰতে নিৰ্ভৰ কৰে ৷

এনে ক্ষেত্ৰত উপায়হীন কৃষক ৰাইজে পৰিয়ালৰ পোহপালৰ লগতে ল'ৰা-ছোৱালী পঢ়া-শুনা ক্ষেত্ৰত সকাহ পোৱা কিছু সাহাৰ্যৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে জেৰেঙাৰ পথাৰৰ কৃষক ৰাইজে ৷

লগতে পঢ়ক:Cases filed Against the Police: আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ক্ষেত্রত শীর্ষত আছে অসম

For All Latest Updates

ABOUT THE AUTHOR

...view details