শিৱসাগৰ, 16 জুন :শিৱসাগৰত প্ৰতিষেধক গ্ৰহণ কৰাক লৈ হাহাকাৰ । প্ৰতিষেধক গ্ৰহণৰ বাবে ৰাইজে নিশা এপৰত আহি শাৰী পাতিছে প্ৰতিষেধক প্ৰদান কেন্দ্ৰত । শিৱসাগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত প্ৰতিষেধক গ্ৰহণৰ বাবে পুৱাৰ পৰা লাইন । বুধবাৰে বিদ্যালয়খনৰ প্ৰতিষেধক কেন্দ্ৰত ৭ মে’ তাৰিখৰ আগত কোভেক্সিন (Covaxin)ৰ প্ৰথম পালি লোৱা লোকৰ বাবে দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল ।
কেন্দ্ৰটোৰ স্বাস্থ্যকৰ্মী এগৰাকীয়ে জনোৱা মতে কেন্দ্ৰটোত বুধবাৰে ২০০ পালি প্ৰতিষেধক প্ৰদান কৰাৰ তথ্য দিছিল । কিন্তু ইতিমধ্যে বহু দিন ধৰি দ্বিতীয় পালি প্ৰতিষেধকৰ বাবে হাহাকাৰ কৰি থকা হাজাৰ সংখ্যক লোকে এই প্ৰতিষেধক প্ৰদান কেন্দ্ৰত প্ৰতিষেধক লাভৰ বাবে ভিৰ কৰে । নিশা ২ বজাৰ পৰা লাইন ধৰি ক্ৰমাৎ হাজাৰ লোক সমৱেত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰে ।