অসম

assam

ETV Bharat / state

শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত ভোটাৰ সহায়ক কেন্দ্ৰ মুকলি - ভোটাৰ সহায়ক কেন্দ্ৰ

নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আজি শিৱসাগৰ জিলা উপায়ুক্তই এক ভোটাৰ সহায়ক কেন্দ্ৰ মুকলি কৰে। এই কেন্দ্ৰত ভোটাৰ সকলে নিজ নিজ ভোটাৰ কাৰ্ড আৰু এখন পৰিচয় পত্ৰ লৈ নিজৰ লগতে পৰিয়ালৰ নাম পুনৰীক্ষণ কৰি প্ৰয়োজনত সেই সমূহ শুদ্ধ কৰিব পাৰিব।

শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত ভোটাৰ সহায়ক কেন্দ্ৰ মুকলি

By

Published : Sep 12, 2019, 4:58 PM IST

শিৱসাগৰ, 12 ছেপ্তেম্বৰঃ শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত জিলা উপায়ুক্তই ভোটাৰ সহায়ক কেন্দ্ৰ মুকলি কৰে ৷ নিৰ্বাচনী আয়োগৰ নিয়ম অনুসৰি ১ চেপ্তেম্বৰৰ পৰা ১৫ অক্টোবৰ তাৰিখলৈ ভোটাৰ পুনৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে।

শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত ভোটাৰ সহায়ক কেন্দ্ৰ মুকলি

নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আজি শিৱসাগৰ জিলা উপায়ুক্তই এক ভোটাৰ সহায়ক কেন্দ্ৰ মুকলি কৰে। এই কেন্দ্ৰত ভোটাৰ সকলে নিজ নিজ ভোটাৰ কাৰ্ড অথবা যিকোনো এখন পৰিচয় পত্ৰ লৈ নিজৰ লগতে পৰিয়ালৰ নাম পুনৰীক্ষণ কৰি প্ৰয়োজনীয় শুধৰণি সম্পন্ন কৰিব পাৰিব।এই শুধৰণি সমূহ নৱেম্বৰ মাহত প্ৰকাশ পাবলগীয়া খচৰা ভোটাৰ তালিকাত প্ৰতিফলিত হব। ১০০% শুদ্ধ ভোটাৰ তালিকাৰ স্বাৰ্থত সমগ্ৰ দেশত এই অভিযান আৰম্ভ কৰা হৈছে।

ABOUT THE AUTHOR

...view details