অসম

assam

ETV Bharat / state

অৰুণাচল প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত - No Road No Vote শ্ল'গানেৰে অৰুণাচলত ভোট বৰ্জন

সমাগত অৰুণাচল প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচন ৷ 22 ডিচেম্বৰত অনুষ্ঠিত হ'ব অৰুণাচল প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচন ৷ আজিৰ তাৰিখতো আদিম মানুহৰ দৰে বসবাস কৰিব লগা পৰিস্থিতিৰ প্ৰতিবাদ জনাই নিৰ্বাচনত ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত ৷ পথ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে 7000 ভোটাৰে সাব্যস্ত নকৰে তেওঁলোকৰ ভোটাধিকাৰ ৷ No Road No Vote শ্ল'গানেৰে ভোট বৰ্জনৰ সিদ্ধান্ত ৷

panchayat poll of arunachal pradesh 2020
অৰুণাচল প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচন

By

Published : Dec 18, 2020, 2:12 PM IST

শিৱসাগৰ, 18 ডিচেম্বৰ:চলিত বৰ্ষৰ 22 ডিচেম্বৰত অৰুণাচল প্ৰদেশত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰত্যেক ৰাজনৈতিক দলৰ কুচকাৱাজ ইতিমধ্যে তুংগত উঠাৰ পৰিৱৰ্তে অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ খাকাম ব্লকৰ অন্তৰ্গত পাঁচখনকৈ গাঁৱৰ প্ৰায় 7000 লোকে ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ No Road No Vote শ্ল'গানেৰে খাকাম ব্লকৰ অন্তৰ্গত পাঁচখনকৈ গাওঁ ক্ৰমে কামহুৱা নকনু,কামহুৱা নকচা, খুচা , ভটনু, জগাও গাঁৱৰ ৰাইজে আগন্তুক অৰুণাচল প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

নিৰ্বাচনৰ পূৰ্বে পথ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে 7000 ভোটাৰে সাব্যস্ত নকৰে তেওঁলোকৰ ভোটাধিকাৰ

ৰাইজৰ অভিযোগ অনুসৰি ইতিমধ্যে বহুকেইটা নিৰ্বাচন তেওঁলোকে পাৰ কৰি জনপ্ৰতিনিধিও নিৰ্বাচন কৰাৰ পাছতো ভাৰত ম্যানমাৰ সীমান্তত বসবাস কৰা অৰুণাচলী লোকসকলে আদিম যুগৰ মানুহৰ দৰে বসবাস কৰি আহিব লগীয়া হৈছে ৷ অভিযোগ অনুসৰি উল্লেখিত খাকাম ব্লকৰ অন্তৰ্গত পাঁচখন গাঁৱৰ পাঁচটা পথৰ লগতে মূল এম কে পথৰ দুৰৱস্থাই ৰাইজক যাতায়ৰ ক্ষেত্ৰত যথেষ্ট জীয়াতু ভুগাই আহিছে ৷

No Road No Vote শ্ল'গানেৰে ভোট বৰ্জনৰ সিদ্ধান্ত

চৰকাৰ তথা জন প্ৰতিনিধিৰ গুৰুত্বহীনতাত কোনো উপায় বিচাৰি নাপাই এতিয়া এই গাঁও কেইখনৰ ৰাইজে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ভাৰত ম্যানমাৰ সীমান্তলৈ সোণাৰি সমষ্টিৰ কেইগৰাকীমান সাংবাদিকক মাতি নি সদৌ খাকাম ছাত্ৰ সন্থাই এই কথা জানিবলৈ দিয়ে ৷

পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ প্ৰদান কৰি খাকাম ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গই জানিবলৈ দিয়ে যে সমষ্টিতোত 25 টাকৈ বছৰ এগৰাকী ব্যক্তিয়েই শাসন কৰি অহাৰ পাছতো ৰাইজে আজিকোপতি উন্নয়নৰ মুখ নেদেখিলে ৷ সেয়ে খাকাম ছাত্ৰ সন্থাই আগন্তুক নিৰ্বাচনৰ পূৰ্বে পথসমূহ মেৰামতিৰ বাবে সঠিক ব্যৱস্থা গ্ৰহণ নকৰিলে পাঁচখন গাঁৱৰ 7000 ভোটাৰে ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক:ৰঙিয়াত পকী দলং নিৰ্মাণত অনিয়ম, তিনি বছৰে সম্পূৰ্ণ নহ'ল পকী দলং

ABOUT THE AUTHOR

...view details