অসম

assam

ETV Bharat / state

ববিতা ভৰালীৰ সম্পূৰ্ণ পৰিয়ালক এঘৰীয়া কৰাৰ কথা নস্যাৎ গাঁওবাসীৰ - babita bharali family from society

‘‘দোষীৰ ক্ষমাহে ভূষণ ৷ আমি তেওঁক সেৱা এভাগ কৰি ক্ষমা খুজিবলৈ দিছিলো ৷ তেওঁ সেইটো নকৰিলে ৷ তেওঁক চাগৈ ৰাইজ নালাগে ৷ তেওঁতকৈ সমাজখন উৰ্ধ্বৰ নহয় ৷ আমি তেওঁক এঘৰীয়া কৰা নাছিলো, এয়া মিছা অভিযোগ ।’’ ববিতা ভৰালীৰ সম্পূৰ্ণ পৰিয়ালক এঘৰীয়া কৰাৰ কথা নস্যাৎ কৰে গাঁওবাসীয়ে (Villagers denied woman expelled from society) ৷

Villagers denied a woman expelled from society
ববিতা ভৰালীক এঘৰীয়া কৰাৰ কথা নস্যাৎ গাঁওবাসীৰ

By

Published : Aug 28, 2022, 11:22 AM IST

শিৱসাগৰ, 28 আগষ্ট: ববিতা ভৰালী ফেচবুক পোষ্ট আৰু এঘৰীয়া বিতৰ্কই শেহতীয়াকৈ অন্য এক মোৰ লোৱা দেখা গৈছে ৷ ভৰালীৰ পৰিয়ালক এঘৰীয়া কৰাৰ কথা অস্বীকাৰ কৰিছে গঞাই ৷ "দোষীৰ ক্ষমাহে ভূষণ ৷ আমি তেওঁক সেৱা এভাগ কৰি ক্ষমা খুজিবলৈ দিছিলো ৷ তেওঁ সেইটো নকৰিলে ৷ তেওঁক চাগে ৰাইজ নালাগে ৷ তেওঁতকৈ সমাজখন উৰ্ধ্বৰ নহয় ৷ আমি তেওঁক এঘৰীয়া কৰা নাছিলো, এয়া মিছা অভিযোগ। আমি তেওঁলোকৰ ঘৰৰ যিকোনো মাংগলিক অনুষ্ঠানত ভাগ নলওঁ বুলিহে সিদ্ধান্ত গ্ৰহণ কৰিছিলো ৷" শনিবাৰে অৰ্জুনগুৰিৰ নামঘৰত এখন আলোচনা অনুষ্ঠিত কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত এই ভাষ্য আগবঢ়ায় গাঁওবাসীৰ জেষ্ঠ্য নাগৰিকসকলে (Villagers denied woman expelled from society) ।

পত্ৰ

গাওঁখনৰ সন্দৰ্ভত কেতবোৰ মিছা কথা সামাজিক মাধ্যমত লিখি ববীতা ভৰালীয়ে প্ৰচাৰ কৰা বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৰাইজে (Babita Bharali Facebook post)।

ৰাজ্যজুৰি জাতি-ভেদ প্ৰথা দূৰ কৰি সকলোকে একতাৰ এনাজৰীৰে বান্ধিব খোজা শংকৰদেৱৰ কথা আমি মুখেৰে কওঁ ঠিকেই ৷ কিন্তু বহু ক্ষেত্ৰত আজি দেখা গৈছে তাৰ ওলোটা ছবি ৷ জাত-পাতৰ নামত, জীৱ-জন্তু পোহাৰ নামত মানুহক এঘৰীয়া কৰা কাৰ্যই সমাজৰ উৎকৰ্ষ সাধনৰ পৰিৱৰ্তে একতাৰ এনাজৰীডাল যেন ছিঙিবহে খুজিছে ৷ এঘৰীয়া প্ৰথাটোক এঘৰীয়া কৰিব নোৱাৰিলে সমাজলৈ যে বৃহৎ প্ৰত্যাহ্বান আৰু বিপদ নামি আহিব সেয়া ধুৰূপ ৷

যোৱা ১০ আগষ্টত মঙলদৈত জাতি-ভেদৰ নামত ঘটি যোৱা হৃদয় বিদাৰক ঘটনাটোৰ সন্দৰ্ভত ১২ আগষ্টত এটা ফেচবুক পোষ্ট দিছিল ববিতাই ভৰালী নামৰ এগৰাকী মহিলাই ৷ "জাত পাত আৰু উপাধিতকৈ মানৱীয়তাতকৈ উৰ্ধ্বত ৷ জাত পাত মানৱীয়তাতকৈ ডাঙৰ হ’ব নোৱাৰে ৷ মানুহবোৰ হেৰাই গৈ আছে আৰু উপাধিবোৰ ৰৈ গৈছে ৷" বুলি লিখি কিছু মনৰ কথা সামাজিক মাধ্যমত বিবৰি লিখিছিল ববিতাই (Babita Bharali Facebook controversy) ।

ইয়াৰ পিছতে গাঁৱৰ লোকে ২১ আগষ্ট দিনা মহিলা গৰাকীক তেওঁ স্বামী আৰু সন্তানসহ এঘৰীয়া কৰে । মহিলাগৰাকীয়ে হাত যোৰ কৰি সোধাত ফেচবুক পোষ্টটোৱে দুজনমান লোকৰ মনত আঘাত দিয়া বুলি জনাই তেওঁক ৷ পৰৱৰ্তী সময়ত ববিতা ভৰালী, তেওঁৰ স্বামী আৰু সতি-সন্ততিক সমাজত অসহযোগ কৰাৰ সন্দৰ্ভত ববিতা ভৰালীয়ে অৰ্জুনগুৰি গাঁৱৰ গাওঁবুঢ়া আৰু নামঘৰৰ সভাপতিক উচিত বিচাৰৰ আবেদন কৰি এক পত্ৰ প্ৰেৰণ কৰিছিল ৷

ববিতা ভৰালীক এঘৰীয়া কৰাৰ কথা নস্যাৎ গাঁওবাসীৰ

গাঁওবুঢ়াই উক্ত পত্ৰ লাভ কৰিছিল বুলি স্বীকাৰ কৰিছে যদিও উক্ত বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি মন্তব্য কৰে। আনহাতে নামঘৰৰ সভাপতিয়ে তেনে কাগজ নাই দিয়া বুলি বিষয়টো নসাৎ কৰে । অৱশ্যে অনাগত দিনত ববীতা ভৰালী সমাজ তথা ৰাইজৰ লগ হ'বলৈ আহিলে সেৱা পৰৱৰ্তী সময়ত ৰাইজে সিদ্ধান্ত ল'ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:এটা ফেচবুক পোষ্টৰ বাবে সমাজে এঘৰীয়া কৰিলে মহিলাক

ABOUT THE AUTHOR

...view details