আমগুৰি, 18 এপ্ৰিল : এইখন অসমৰে এখন গাঁও ৷ যিখন গাঁৱৰ ৰাইজে বিগত ৫০ বছৰ ধৰি ৰাইজে শুনা নাছিল ঢোলৰ মাত ৷ এইয়া অবিশ্বাস্য যেন লাগিলেও কিন্তু সত্য ৷ অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহু উদযাপনৰ লগে লগে আৰম্ভ হয় ঢোল পেঁপাৰ ৰজনজন ৷ কিশোৰ-কিশোৰী, ডেকা গাভৰুৰ পৰা বয়োজ্যেষ্ঠ জনলৈ মতলীয়া হৈ পৰে হুঁচৰি গোৱাত ৷
এইখন গাঁৱখন হৈছে, শিৱসাগৰ জিলাৰ আমগুৰিৰ বেলীমুখীয়া কঁহাৰ গাঁও ৷ গাঁওবাসীয়েই বিগত ৫০ বছৰ ধৰি শুনা নাছিল ঢোল- পেঁপাৰ মাত ৷ জানিব পৰা মতে গাঁওখনৰ একাংশ পূৰ্বপুৰুষে বাধা আৰোপ কৰিছিল হুঁচৰিক লৈ ৷
যি সময়ত অসমীয়া কৃষ্টি বিহু হুঁচৰিয়ে বিশ্বৰ দৰবাৰত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ৷ তেনে সময়তো বিহু উদযাপনৰ ক্ষেত্ৰত এইসকল গঞা ৰাইজৰ বাবে নিষেধাজ্ঞা জাৰী কৰা হৈছে (village not celebrated Rongali Bihu for fifty years)৷
পঞ্চাশ বছৰে বিহু উদযাপন নকৰা এখন গাঁও একাংশ জ্যেষ্ঠ ব্যক্তিৰ এই বাধা আৰোপত বছৰ বছৰ ধৰি কোনেও বিৰোধিতা কৰা নাছিল ৷ কিন্তু এইবাৰ গাঁওবাসীয়ে সেই বাধা আৰোপৰ বিৰুদ্ধে ওলাই আহিল অসমীয়া কৃষ্টিক নতুন কৈ জীয়াই তোলাৰ উদ্দেশ্যেৰে ৷ এতিয়াৰে পৰা গাঁওখনৰ ঐতিহাসিক সেই পৰম্পৰা ভংগ কৰি নতুন মাত্ৰাৰে হুঁচৰিক আগুৱাই নিছে ৷ যাৰ বাবে গাঁওখনৰ চাৰিওফালে এতিয়া শুনিবলৈ পোৱা যায় ঢোল-পেঁপাৰ মাত ৷
লগতে পঢ়ক :Haidang Husori : হাইদাং হুঁচৰি গোৱাত ব্যস্ত জোনাইৰ সোণোৱাল কছাৰী বিহুৱাসকল