আমগুৰি, ২৩ ছেপ্টেম্বৰ :আমগুৰিত এখন বিশেষ বিয়া । উদুলি-মুদুলি বিয়াঘৰৰ পৰিৱেশ । আলহী, মিতিৰ-কুটুমৰ মানুহে বিয়া ঘৰত বিৰ দি বাট নোপোৱা অৱস্থা । সকলোৰে মুখত হাঁহি ৷ কোনো যদি নাচিছে, কোনোৱে আকৌ অতিথি আপ্যায়নত ব্যস্ত ৷
মুঠৰ ওপৰত কাৰোৰে যেন আহৰি নাই ৷ নহ’বই বা কিয় ৷ কিয়নো আজি আমগুৰিৰ অভিষেক-পৰিণীতা বিবাহ পাশত আৱদ্ধ হৈছে ৷ আনকি যথা সময়ত এখন বিশেষ বাহনত উঠি কইনাৰ চোতালত উপস্থিত হ’ল দৰা অভিষেক ৷ দৰাক আদৰাত ব্যস্ত কইনা ঘৰৰ লোক ৷ ইফালে দৰা অহাৰ উমান পাই কইনাৰ সাজত বহি থকা পৰিণীতাৰ মন হৈছে উগুল-থুগুল ৷
অ’ ৰ’ৱ ৷ আমি উল্লেখ কৰা অভিষেক-পৰিণীতা হৈছে এহাল ভেকুলী ৷ আমগুৰিৰ বালিপথাৰত সম্পন্ন হৈছে এই ভেকুলীৰ বিয়াখন । অসমৰ গ্ৰামাঞ্চলত বিশ্বাসৰ ভেঁটিত প্ৰতিষ্ঠিত এই ভেকুলীৰ বিয়া । যোৱা কেইমাহ ধৰি বৰষুণ হোৱা নাই অসমৰ ভিন্ন প্ৰান্তত ৷