শিৱসাগৰ, 28 আগষ্ট :শিৱসাগৰৰ এগৰাকী অকলশৰীয়া দুৰ্ভগীয়া মহিলাৰ কৰুণ কাহিনী ৷ মহিলা গৰাকীৰ অকলশৰীয়াৰ আৰু দুৰ্বলতাৰ সুযোগলৈ এক অসাধু চক্ৰই সম্পত্তি জোৰ-জবৰদস্তি কাঢ়ি ল'ব বিচৰাৰ সময়তে মহিলা গৰাকীৰ কাষত ঠিয় হ'ল বীৰ লাচিত সেনা ৷ অসাধু ব্যৱসায়ী গৰাকীক বীৰ লাচিত সেনাই সকিয়নী প্ৰদান কৰাৰ লগতে ৪৮ ঘণ্টাৰ ভিতৰত দখল কৰা দোকান ঘৰ খালী কৰি দিবলৈ দাবী কৰে সংগঠনটোৱে ।
উল্লেখ্য যে, শিৱসাগৰ চহৰৰ মাজমজিয়াত ননী দেৱী নামৰ দুৰ্ভগীয়া মহিলাগৰাকীৰ বাসগৃহৰ লগতে আছে দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ বহু বছৰ ধৰি নাৰায়ন পাল, গোবিন দত্ত নামৰ দুগৰাকী ব্যৱসায়ীয়ে ননী দেৱীৰ দোকান ঘৰত ব্যৱসায় চলাই আহিছিল ৷ কিন্তু স্বামীৰ মৃত্যুৰ পিচত এটি ৰোগীয়া পুত্ৰৰ সৈতে ননী দেৱী অকলশৰীয়া হোৱাৰ দুৰ্বলতাৰ সুযোগ লৈ দোকান ঘৰ বলপূৰ্বকভাৱে দখল কৰি আহিছে অনা অসমীয়া ব্যৱসায়ী নাৰায়ন পালে ।
লগতে পঢ়ক:অবৈধভাৱে নিযুক্তি লাভ কৰা GMC ৰ ৪০ গৰাকী কৰ্মাচাৰী বৰ্খাস্ত