আমগুৰি, ৯ ফেব্ৰুৱাৰী: ঐতিহাসিক চাৰিং ফুকনফদীয়াত শিৱ সাধনা আশ্ৰমত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ভাগৱত পাঠ ৷ শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰীশ্ৰী দেৱানন্দ দেৱগোস্বামীয়ে অংশ গ্ৰহণ কৰে ভাগৱত পাঠ অনুষ্ঠানত ৷ আধ্যাত্মিক পৰিৱেশৰ মাজত শিৱ সাধনা আশ্ৰমত অনুষ্ঠিত ধৰ্মীয় অনুষ্ঠানত স্থানীয় ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি সমাজত শান্তি প্ৰতিষ্ঠা আৰু ভেদ-ভাৱ, অসূয়া-অপ্ৰীতি দূৰ কৰি ভাতৃত্ববোধেৰে ভগৱন্তৰ চৰণত সেৱা লয় ৷
বাক্সা, 9 ফেব্ৰুৱাৰীঃবাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰত দেওবাৰে পুৱাৰে পৰা ১২ ঘন্টীয়া অখণ্ড পাল নাম আয়োজন । মটঙাচকৰ সমিপৱৰ্তী তামুলপুৰ শাখা সত্ৰত এই অখণ্ড পাল নামৰ আয়োজন কৰা হয় ।