শিৱসাগৰ, 14 অক্টোবৰ:চৰাইদেউ জিলাৰ জিলাৰ গাতে লাগি থকা চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ মন জিলাত মঙলবাৰে পুৱতি নিশা আলফা (স্বা) ৰ তিনি গৰাকী কেডাৰে নগালেণ্ড ভিলেজ গাৰ্ডৰ ওচৰত আত্মসমৰ্পণ কৰে । জানিব পৰা মতে, আলফা (স্বা) ৰ সদস্য কেইজন ক্ৰমে গোৱালপাৰা জিলাৰ গোৱালপাৰা আৰক্ষী থানাৰ অন্তৰ্গত শাস্ত্ৰী নগৰৰ বাসিন্দা হৰিপদ দাসৰ পুত্ৰ কুনাল অসম (৩২), তিনিচুকীয়া জিলাৰ তিনিচুকীয়া আৰক্ষী থানাৰ অন্তৰ্গত কাচুজান গাঁৱৰ প্ৰয়াত দীপাংকৰ নেওগৰ পুত্ৰ ৰুচনা অসম (৪০) আৰু চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ন-জবকা অঞ্চলৰ হেম গগৈৰ পুত্ৰ লাচিত অসম (২৫) ৷
আলফা (স্বা)ৰ তিনি কেডাৰৰ আত্মসমৰ্পণ
মঙলবাৰে পুৱতি নিশা আলফা (স্বা) ৰ তিনি গৰাকী কেডাৰে নগালেণ্ড ভিলেজ গাৰ্ডৰ ওচৰত আত্মসমৰ্পণ কৰে । কেডাৰ কেইগৰাকী ক্ৰমে গোৱালপাৰাৰ কুনাল অসম (৩২), তিনিচুকীয়াৰ ৰুচনা অসম (৪০) আৰু চৰাইদেউৰ লাচিত অসম (২৫) বুলি জানিব পৰা গৈছে ৷
আলফা (স্বা)ৰ তিনি কেডাৰৰ আত্মসমৰ্পণ
পুৱতি নিশা ম্যানমাৰত থকা শিবিৰৰ পৰা পলাই আহি চুবুৰীয়া ৰাজ্যখনৰ মন জিলাৰ খুয়েং লামপংত নগালেণ্ড ভিলেজ গাৰ্ডৰ ওচৰত আত্মসমৰ্পণ কৰে তিনিওগৰাকী কেডাৰে । আত্মসমৰ্পন কৰা আলফা (স্বা) ৰ সদস্য ত্রয়ে কোনোধৰণৰ অস্ত্ৰ-শস্ত্ৰ অথবা আপত্তিজনক নথি-পত্ৰ জমা দিয়া নাই বুলি জানিব পৰা গৈছে । তিনি আলফা (স্বা) কেডাৰক মঙলবাৰে সোধ-পোচ কৰি বুধবাৰে তিনিওকে অসম আৰক্ষীৰ হাতত গতাই দিয়ে নগালেণ্ডৰ আৰক্ষীয়ে ৷