অসম

assam

শিৱসাগৰত ভুৱা মাইক্ৰ’ ফাইনেঞ্চ কোম্পানীৰ দুই বিষয়া আটক

মঙলবাৰে নিশা শিৱসাগৰত ভুৱা মাইক্ৰ’ ফাইনেঞ্চ কোম্পানী (Micro Finance Company)ৰ দুই বিষয়াক আটক ৷ ‘এনাজৰী’ (Anajori) নামৰ এক মাইক্ৰ’ ফাইনেঞ্চ কোম্পানীয়ে গ্ৰাহকৰ পৰা টকা সংগ্ৰহ কৰে যদিও ঋণ প্ৰদান কৰিব নোৱাৰাত ৰাইজে সন্দেহ কৰে ৷ ৰাইজৰ সন্দেহৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি বিষয়া দুজনক আটক কৰা হয় ৷

By

Published : Jul 7, 2021, 6:19 PM IST

Published : Jul 7, 2021, 6:19 PM IST

two people arrested in the connection with fake micro finance company
ভুৱা মাইক্ৰ’ ফাইনেঞ্চ কোম্পানীৰ দুই বিষয়া আটক

শিৱসাগৰ,7 জুলাই : শিৱসাগৰত মঙলবাৰে নিশা ভুৱা মাইক্ৰ’ ফাইনেঞ্চ কোম্পানী (Micro Finance Company)ৰ দুই বিষয়াক আটক কৰে আৰক্ষীয়ে ৷ শলগুৰি অঞ্চলত ‘এনাজৰী’ (Anajori) নামৰ এক মাইক্ৰ’ ফাইনেঞ্চ কোম্পানীয়ে পুৰুষ-মহিলা উভয়কে নিৰ্দিষ্ট আঁচনিৰ ভিত্তিত সহজ ঋণ প্ৰদানৰ আশ্বাস দিয়ে । ইয়াৰ বাবে 10-12 জনীয়া গোট গঠন কৰি বেংকৰ একাউণ্ট খোলা, ঋণন আৱণ্টনৰ কাম আদিৰ বাবে গোটৰ প্ৰতিজন সদস্যৰ পৰা 100 টকাকৈ সংগ্ৰহ কৰে ভুৱা কোম্পানীটোৱে । এক নিশ্চিত সংস্থাপনৰ আশাত উক্ত অঞ্চলৰ গোট খোলা সদস্যসকলে 1000 টকাকৈ ‘এনাজৰী’ৰ কৰ্মচাৰীক প্ৰদান কৰে ।

কোম্পানীটোৱে উক্ত অঞ্চলৰ পৰা প্ৰায় 2 লাখ টকা সংগ্ৰহ কৰে যদিও ঋণ প্ৰদান কৰিব নোৱাৰাত ৰাইজৰ মনত সন্দেহ উপজে ৷ ইয়াৰ পাচতে ৰাইজে আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীৰ তদন্তৰ ভিত্তিত কোম্পানীটোৰ দুই বিষয়া ক্ৰমে- নিতু গগৈ আৰু ৰাহুল লাহনক আটক কৰা হয় ৷ এইদৰে মাইক্ৰ’ ফাইনেঞ্চৰ নামত ৰাইজৰ ধন লুট কৰি অহা ভুৱা কোম্পানীৰ দুই বিষয়াক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰক্ষীয়ে । অৱশ্যে ভুৱা কোম্পানীটোৰ বিষয়া কাৰাগাৰলৈ গ’লেও যে ৰাইজে গাঁঠিৰ ধন ঘূৰাই নাপায় সেই কথা নিশ্চিত হৈ পৰিছে ৷

ভুৱা মাইক্ৰ’ ফাইনেঞ্চ কোম্পানীৰ দুই বিষয়া আটক

যিসময়ত মাইক্ৰ’ ফাইনাঞ্চৰ ঋণ মাফ কৰাৰ দাবীত সমগ্ৰ অসমত এক বিতৰ্ক চলি আছে, সেই সময়তে নিত্য নতুন ফাইনেঞ্চ কোম্পানীয়ে লুণ্ঠনৰ জাল মেলা পৰিলক্ষিত হৈছে ।

এনেধৰণৰ ফাইনেঞ্চ কোম্পানীৰ সৰহ সংখ্যক অবৈধ আৰু ভুৱা হোৱা কোম্পানী হোৱাৰ বাবে ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংকৰ । কিয়নো এনে ভুৱা কোম্পানীয়ে সহজ ঋণৰ প্ৰলোভন দি ৰাইজৰ পৰা লুটিছে লক্ষাধিক টকা ।

লগতে পঢ়ক :দুৰ্নীতিৰ অভিযোগ লাভৰ পাছতে বিভাগীয় তদন্তৰ ঘোষণা মন্ত্ৰী যোগেন মহনৰ

ABOUT THE AUTHOR

...view details