অসম

assam

শিৱসাগৰ নগৰৰ মাজমজিয়াত দুই ফৈদৰ মাজত ভয়ংকৰ সংঘৰ্ষ

By

Published : Oct 29, 2020, 4:58 PM IST

শিৱসাগৰ দ’লমুখ চাৰিআলিত নিশা দুটাকৈ পদপথত বাস কৰা গোটৰ মাজত ভয়ংকৰ সংঘৰ্ষ ৷ হাতে হাতে চিচাৰ বটল, ৰড, লৈ লিপ্ত হ’ল মুখামুখি আক্ৰমণত ৷ আৰক্ষীয়ে ৰহস্যজনকভাৱে এই ঘটনা সন্দৰ্ভত নীৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে ৷

sivsagar city
শিৱসাগৰ নগৰৰ মাজমজিয়াত দুই ফৈদৰ মাজত ভয়ংকৰ সংঘৰ্ষ

শিৱসাগৰ, 29 অক্টোবৰ :ঐতিহাসিক শিৱসাগৰৰ মান মৰ্যদা ধূলিসাৎ কৰি নগৰৰ মাজমজিয়াৰ হৃৎপিণ্ড স্বৰূপ দ’লমুখ চাৰিআলিত বুধবাৰে নিশা মুখামুখি সংঘৰ্ষত লিপ্ত হয় দুটা ফৈদ ৷ পদপথত বাস কৰা দুটা গোটে এইদৰে মুকলি সংঘৰ্ষত লিপ্ত হোৱাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ দীৰ্ঘ দিন ধৰি চহৰখনৰ ধৰ্মীয় অনুষ্ঠান, বাসগৃহ, দোকান-পোহাৰত সংঘটিত চুৰি কাৰ্যৰ লগতে বিভিন্ন অসামাজিক কাৰ্যৰ লগত জড়িত থকাৰ অভিযোগ উঠা এই চক্ৰটোৰ নিজৰ মাজতেই সৃষ্টি হোৱা দলীয় সংঘৰ্ষক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ ৷

হাতে হাতে চোকা অস্ত্ৰ, চিচাৰ বটল, ৰড লৈ দ’লমুখ চাৰিআলিৰ দৰে ব্যস্ত পথৰ মাজত প্ৰায় ৪৫ মিনিট ধৰি চলা সংঘৰ্ষত এগৰাকী যুৱতী সহ কেইবাজনো কম বেছি পৰিমাণে আঘাত প্ৰাপ্ত হৈছে ৷ নিশা প্ৰায় ৮ বাজি ১৫ মিনিটৰ পৰা ৯ মান বজালৈকে দ’লমুখ চাৰিআলিৰ মাজমজিয়াত হাতে হাতে লাঠী ৰডলৈ চলা দলীয় সংঘৰ্ষ, মাৰপিট হতাহতিয়ে সমগ্ৰ অঞ্চলটোতেই এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰে ৷

শিৱসাগৰ নগৰৰ মাজমজিয়াত দুই ফৈদৰ মাজত ভয়ংকৰ সংঘৰ্ষ

নগৰৰ মাজমজিয়াৰ ব্যস্ততাপূৰ্ণ দ’লমুখ চাৰিআলিত সৃষ্টি হোৱা এই সংঘৰ্ষময় পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতৰ্ক্ষ্যদৰ্শীয়ে কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে নগৰ উপ পৰিদৰ্শক গৰাকীক ফোন যোগে অৱগত কৰিছিল যদিও কোনো আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত নোহোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । বৰ্তমানলৈকে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷ আনহাতে আৰক্ষীয়েও ৰহস্যজনকভাৱে এই ঘটনা সন্দৰ্ভত নিৰ্লিপ্ত ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক :হাটশিঙিমাৰীত লোমহৰ্ষক হত্যাকাণ্ড

ABOUT THE AUTHOR

...view details