অসম

assam

By

Published : Jun 6, 2021, 7:28 PM IST

ETV Bharat / state

হালোৱাটিঙত ড্ৰাগছসহ আটক দুই নাগালেণ্ড আৰক্ষী

ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ সময়তে শিৱসাগৰ জিলাৰ হালোৱাটিং আৰক্ষীৰ জালত পৰিল নাগালেণ্ডৰ দুই আৰক্ষী ৷ দেওবাৰে হালোৱাটিং বজাৰৰ পৰা নিষিদ্ধ চেমপেক্স প্লাছৰ 290 টা কেপচুলসহ AS-04-L-3718 নম্বৰৰ এখন বাজাজ পালছাৰ বাইক আৰু নগদ 30,000 টকাসহ নাগালেণ্ডৰ দুই আৰক্ষীক আটক কৰে হালোৱাটিং আৰক্ষীয়ে ।

A_Amg_Two Nagaland policemen arrested with drugs in Hawalating_vis_As10033
হালোৱাটিঙত ড্ৰাগছসহ আটক দুই নাগালেণ্ড আৰক্ষী

আমগুৰি,6 জুন :বেজৰ নাকতে খৰ ৷এইবাৰ ড্ৰাগছৰ বেহাত নামিল নাগালেণ্ড আৰক্ষী ৷ ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ সময়তে শিৱসাগৰ জিলাৰ হালোৱাটিং আৰক্ষীৰ জালত পৰিল নাগালেণ্ডৰ দুই আৰক্ষী ৷ শিৱসাগৰ জিলাৰ হালোৱাটিংত আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই নাগালেণ্ড আৰক্ষীক আটক কৰে হালোৱাটিং আৰক্ষীয়ে ৷ হালোৱাটিং বজাৰত আটক কৰা দুই নাগালেণ্ড আৰক্ষীৰ পৰা নিষিদ্ধ চেমপেক্স প্লাছৰ 290 টা কেপচুলসহ AS-04-L-3718 নম্বৰৰ এখন বাজাজ পালছাৰ বাইক আৰু নগদ 30,000 টকা জব্দ কৰে হালোৱাটিং আৰক্ষীয়ে ।

হালোৱাটিঙত ড্ৰাগছসহ আটক দুই নাগালেণ্ড আৰক্ষী

উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত নিষিদ্ধ ড্ৰাগছৰ বেহা চলি আহিছিল বুলি স্থানীয় ৰাইজে অভিযোগ কৰাত হালোৱাটিং আৰক্ষীয়ে দেওবাৰে অভিযান চলাই ৷ অভিযান কালত নাগালেণ্ডৰ ষষ্ঠ এনএপি বেটেলিয়নৰ দুগৰাকী জোৱান ক্ৰমে চুমবিমু লোঠা আৰু ডব্লিউ মোবা কন্যাকক হালোৱাটিং আৰক্ষীয়ে হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় । আটকাধীন দুই আৰক্ষীয়ে হালোৱাটিং বজাৰৰ টুটুমণি কোঁৱৰ নামৰ মহিলাগৰাকীৰ বাসগৃহৰ পৰা ড্ৰাগছ ক্ৰয় কৰা বুলি জানিবলৈ দিয়াত 26/21 নম্বৰত এক গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:বিতৰ্কিত পোষ্টৰ বাবে ত্ৰিপুৰা চিপিআই(এম)ৰ দুই নেতাক আৰক্ষীৰ তলব

ABOUT THE AUTHOR

...view details