আমগুৰি, 7 আগষ্টঃ আমগুৰিত মহিলা সমিতিৰ উদ্যোগত উদ্ধাৰ কৰা হ’ল দুটি কিশোৰক ৷ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ঘোৰাচ'ৰা গাঁৱত দৰিদ্ৰ পৰিয়ালৰ কিশোৰ দুজনৰ প্ৰতিপালনত অসমৰ্থ হৈছিল পিতৃ ৷ কোনোমতে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃয়ে সন্তানৰ পঢ়াৰ দায়িত্ব ল’ব নোৱাৰাৰ বাবে পঞ্চম আৰু চতুৰ্থ শ্ৰেণীতে শিক্ষা সাং কৰিবলগীয়া হয় দুয়ো কিশোৰে ৷
আমগুৰিত মহিলা সমিতিৰ উদ্যোগত উদ্ধাৰ দুই কিশোৰ - আমগুৰি আৰক্ষী থানা
আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ঘোৰাচ'ৰা গাঁৱত দৰিদ্ৰ পৰিয়ালৰ দুজন কিশোৰৰ প্ৰতিপালনত অসমৰ্থ হৈছিল পিতৃ ৷ বৃহস্পতিবাৰে শিৱসাগৰ জিলা মহিলা সমিতিৰ বিষয়ববীয়া ইন্দ্ৰাণী ৰাজকুমাৰীৰ তৎপৰতাত দুয়োকে জিলা শিশু সুৰক্ষা সমিতিক চমজাই দিয়াৰ ব্যৱস্থা কৰা হয় ৷
![আমগুৰিত মহিলা সমিতিৰ উদ্যোগত উদ্ধাৰ দুই কিশোৰ two Juvinile rescued at Amguri by Women Association](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8325005-thumbnail-3x2-a.jpg)
আমগুৰিত মহিলা সমিতিৰ উদ্যোগত উদ্ধাৰ দুই কিশোৰ
আমগুৰিত মহিলা সমিতিৰ উদ্যোগত উদ্ধাৰ দুই কিশোৰ
বৃহস্পতিবাৰে শিৱসাগৰ জিলা মহিলা সমিতিৰ বিষয়ববীয়া ইন্দ্ৰাণী ৰাজকুমাৰীৰ তৎপৰতাত দুয়োকে জিলা শিশু সুৰক্ষা সমিতিক চমজাই দিয়াৰ ব্যৱস্থা কৰা হয় ৷ তেখেতৰ এই সিদ্ধান্তৰ শলাগ লৈছে অঞ্চলটোৰ ৰাইজে ৷