শিৱসাগৰ, 18 নৱেম্বৰঃমনত হেঁপাহ থাকিলে কোনো বাধাই কেতিয়াও হেঙাৰ হৈ থিয় দিব নোৱাৰে ৷ জাৰ্মানৰ এক দম্পত্তিয়ে সেয়াই প্ৰমাণিত কৰিলে ৷ কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণৰ পাচতেই এখন টয়'টা বাহনৰে বিশ্বৰ প্ৰায় 150 খন দেশ পৰিভ্ৰমণৰ পৰিকল্পনা দুই দম্পত্তিৰ ৷
বিগত দুই মাহত বিশ্বৰ প্ৰায় 120 খন দেশপৰিভ্ৰমণ কৰি সোমবাৰে উপস্থিত হয় এছিয়াৰ প্ৰথমখন চিৰিয়াখানা খ্যাত পহুগড়ত ৷ ইচকুৰবা খ্ৰীজা নামৰ অৱসৰপ্ৰাপ্ত অভিযন্তা জনে নিজ পত্নীৰ সৈতে আৰম্ভ কৰা এই যাত্ৰাত মাজুলী,কাজিৰঙা আদিকে ধৰি অসমৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰে ৷