শিৱসাগৰ, 14 অক্টোবৰ : মহা অষ্টমীৰ দিনটোত শিৱসাগৰত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে দুজনকৈ লোকে ৷ বুধবাৰে নিশা প্ৰায় 11 বজাত ৰুদ্ৰপ্ৰয়াগৰ মানকটাত সংঘটিত এই দুৰ্ঘটনাত দুজনৰ মৃত্যুৰ বিপৰীতে এজন আহত হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, AS 01 EO 0086 নম্বৰৰ এখন মাৰুতী চুইফ্ট বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ পথৰ কাষৰ এটা পানী ডুবিত সোমাই পৰে ৷
স্থানীয় লোকে ততাতৈয়াকৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা তিনিজন লোকক উদ্ধাৰ কৰে যদিও দুজন লোকৰ ইতিমধ্যে মৃত্যু হয় ৷ নিহত যুৱক দুজন ক্ৰমে ৰুদ্ৰসাগৰৰ ৰিজুমণি দাস আৰু নিবেদন শৰ্মা বুলি জানিব পৰা গৈছে ৷ আহত যুৱকজন বলিয়াঘাটৰ মৃণাল শৰ্মা ৷