অসম

assam

By

Published : Nov 22, 2019, 11:38 PM IST

ETV Bharat / state

উজনিৰ একমাত্ৰ আৰ্চাৰীৰ ধনু নিৰ্মাণ কাৰখানাটো

২০১৩ চনতে ৰাজীৱ হাজৰিকাই প্ৰতিষ্ঠা কৰিছিল আৰ্চাৰী খেলৰ ধনু নিৰ্মাণ কৰা এই কাৰখানাটো ৷ উজনি অসমৰ একমাত্ৰ আৰ্চাৰীৰ প্ৰতিযোগিতাৰ বাবে ধনু বনোৱা কাৰখানা হিচাপে পৰিচিত এই কাৰখানাটোৰ পৰাই অন্ধ্ৰপ্ৰদেশ,উত্তৰপ্ৰদেশ,পঞ্জাৱ,চত্তীশগড়,ৰাজস্থান,হাৰিয়ানা,কেৰেলা,পুণে,দিল্লী কলিকতা আদি ৰাজ্যলৈ নিয়া হয় ধনু ৷

উজনিৰ একমাত্ৰ আৰ্চাৰীৰ ধনু নিৰ্মান কাৰখানাটো

আমগুৰি, 22 নৱেম্বৰঃ জয়ন্ত তালুকদাৰ,গহেলা বড়ো আদিৰ দৰে প্ৰসিদ্ধ ধনুৰ্বিদে ৰাষ্ট্ৰীয় পৰ্যায়ত অসম মাতৃৰ নাম উজলাই তোলাৰ সময়তেই শিৱসাগৰৰ দুই ভাতৃয়েও আৰ্চাৰীৰ জৰিয়তে লাভ কৰিছে সমাদৰ ৷ শিৱসাগৰৰ আইলামুখৰ নিৱাসী বুদ্ধেশ্বৰ হাজৰিকাৰ দুই পুত্ৰ ৰাজীৱ হাজৰিকা আৰু ৰাণা হাজৰিকাই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ যোগান ধৰি আহিছে আৰ্চাৰী খেলৰ বাবে প্ৰয়োজনীয় ব্যয়বহুল ধনু ৷ ভাৰতবৰ্ষৰ অধিকাংশ ৰাজ্যলৈ আৰ্চাৰী খেলৰ ধনু যোগান ধৰি চৰ্চাৰ লগতে সমাদৰ লাভ কৰিছে দুয়োগৰাকী ভাতৃয়ে ৷

উজনিৰ একমাত্ৰ আৰ্চাৰীৰ ধনু নিৰ্মান কাৰখানাটো

উল্লেখ্য যে, ২০১৩ চনতে ৰাজীৱ হাজৰিকাই প্ৰতিষ্ঠা কৰিছিল আৰ্চাৰী খেলৰ ধনু নিৰ্মাণ কৰা এই কাৰখানাটো ৷ উজনি অসমৰ একমাত্ৰ আৰ্চাৰীৰ প্ৰতিযোগিতাৰ বাবে ধনু বনোৱা কাৰখানা হিচাপে পৰিচিত এই কাৰখানাটোৰ পৰাই অন্ধ্ৰপ্ৰদেশ,উত্তৰপ্ৰদেশ,পঞ্জাৱ,চত্তীশগড়,ৰাজস্থান,হাৰিয়ানা,কেৰেলা,পুণে,দিল্লী, কলকাতা আদি ৰাজ্যলৈ নিয়া হয় ধনু ৷

আনহাতে, ধনু নিৰ্মাণৰ বাবে প্ৰয়োজন হয় জাতি বাঁহ,বনবগৰী কাঠ আদি ৷ আনহাতে কাড়ৰ বাবে প্ৰয়োজনীয় বাঁহ আমদানি কৰা হয় মণিপুৰ, শ্বিলঙৰ পৰা ৷ এই কাৰখানাটোত নিয়োজিত হৈ আছে অঞ্চলটোৰ চাৰিজনকৈ শিক্ষিত নিৱনুৱা যুৱক ৷ আৰ্চাৰীৰ ধনু নিৰ্মাণ কৰি নিজৰ লগতে চাৰিজনকৈ যুৱকৰ বাবে স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰা আইলামুখৰ দুই ভ্ৰাতৃ নৱপ্ৰজন্মৰ বাবে হৈ পৰিছে আদৰ্শ ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details