অসম

assam

ETV Bharat / state

লুইতৰ বলিয়া বানত গৃহহাৰা ৰূপহীমুখৰ ২০ টা পৰিয়াল

১৫০ টা পৰিয়াল থকা ৰূপহীমুখৰ ২০ টা পৰিয়ালক গৃহহীন কৰিলে ব্ৰহ্মপুত্ৰৰ বলিয়া বানে । বৰ্তমানলৈকে শিৱসাগৰ জিলা প্ৰশাসন অথবা আমগুৰি সমষ্টিৰ বিধায়কে কোনো খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে বন্যাৰ্তই ।

By

Published : Jul 28, 2020, 9:40 AM IST

Brahmaputra flood
Brahmaputra flood

আমগুৰি, ২৮ জুলাই : ৰাজ্যৰ আন ঠাইৰ লগতে বানে তচনচ কৰি গ'ল আমগুৰি সমষ্টিৰ ৰূপহীমুখ । ৰূপহীমুখত এতিয়া কেৱল বন্যাৰ্তৰ হাহাকাৰ । বহিঃবিশ্বৰ পৰা সংযোগ বিচ্চিন্ন হোৱা ৰূপহীমুখ এলাগী হ'ল ৰজাঘৰীয়াৰ চকুৰ পৰা ।

লুইতে কাঢ়িলে সৰ্বস্ব

১৫০ টা পৰিয়াল থকা ৰূপহীমুখৰ ২০ টা পৰিয়ালক গৃহহীন কৰিলে ব্ৰহ্মপুত্ৰৰ বলিয়া বানে । ব্ৰহ্মপুত্ৰই ৰূপহীমুখ কুমাৰ গাঁৱৰ মাজেৰে নদীৰ সুঁতি লোৱাত যাতায়াত বিচ্চিন্ন হৈ পৰিছে অঞ্চলটোত । বহু পৰিয়ালে নিজৰ আপোন ঘৰখন ভাঙি পেলাবলগীয়া হৈছে ।

লুইতৰ বলিয়া বানত গৃহহাৰা ৰূপহীমুখৰ ২০ টা পৰিয়াল

ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ ভয়ত ত্ৰস্তমান হোৱা বহু পৰিয়ালে বাকী থকা লাম-লাকটু কেইপদকে সাৰথি কৰি জীৱন নিৰ্বাহ কৰিবলগা হৈছে নিৰাপদ স্থানত ৷ আনহাতে সমগ্ৰ অঞ্চলটো বালিময় হৈ পৰাৰ ফলত খেতিৰ সম্ভাৱনাও একপ্ৰকাৰ নোহোৱা হৈ পৰিছে ৷ বৰ্তমানলৈকে শিৱসাগৰ জিলা প্ৰশাসন অথবা আমগুৰি সমষ্টিৰ বিধায়কে কোনো খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে বন্যাৰ্তই ।

লগতে পঢ়ক :আইৰ সমান হ'ব কোন, নৈৰ সমান ব'ব কোন ?

ABOUT THE AUTHOR

...view details