শিৱসাগৰ,১৯ অক্টোবৰ:শিৱসাগৰত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে মহাবিদ্যালয়সমূহৰ মাজত অনুষ্ঠিত হ'ল ৰছী টনা প্ৰতিযোগিতা (Tug of war in Sivasagar)। শিৱসাগৰ জিলা টাগ অৱ ৱাৰ এছ'চিয়েচনৰ (Sivasagar District Tug of War Association) উদ্যোগত ব'ৰ্ডিং খেলপথাৰত ( Boarding Playground of Sivasagar) জিলা ভিত্তিত অনুষ্ঠিত হয় আন্তঃমহাবিদ্যালয় ৰছী টনা প্ৰতিযোগিতাখন ।
উক্ত প্ৰতিযোগিতাখন উদ্বোধন কৰে বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাই (Sportsman Arjun Bhogeshwar Baruah) । ৰজা মহাৰজাৰ দিনৰ পৰাই ৰছী টনা খেল খেলা বুলি আমি জানো । এতিয়া আনুষ্ঠানিকভাৱে এই ৰছী টনা খেল অনুষ্ঠিত কৰাটো ভাল খবৰ । প্ৰতিযোগিতাখনি উদ্বোধন কৰি এই মন্তব্য কৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ (Dibrugarh University) অনুমোদিত শিৱসাগৰ জিলাৰ ১৫ মহাবিদ্যালয়ৰ দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । লক্ষ্যণীয় যে ৰছী টনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলৰ মাজত দেখা যায় ব্যাপক উছাহ ।