শিৱসাগৰ,12 এপ্ৰিলঃলক ডাউনৰ ফলত তীব্ৰ সংকটৰ সন্মুখীন হৈছেশিৱসাগৰৰ একমাত্ৰ গৃহহীন তথা দিব্যাংগ শিশুৰ অনুষ্ঠান কৌমুদালয় (আহানা) শিশুগৃহ ৷ অনুষ্ঠানটোলৈ এই পৰ্যন্ত কোনেও আগবঢ়োৱা নাই সহায়ৰ হাত ৷ সততে বছৰৰ প্ৰায়বোৰ দিনত বিভিন্নজনে সন্তানৰ জন্মদিন,অন্নপ্রাসন অনুষ্ঠিত কৰি সুস্বাদু খাদ্যৰে কৌমুদালয়ৰ শিশুসকলক আপ্যায়ন কৰি আহিছে । কিন্তু, এতিয়া লক ডাউনৰ বাবে শিৱসাগৰৰ জয়সাগৰস্থিত সুন্দৰপুৰ আহানা শিশুগৃহত খাদ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিছে বুলি জানিব পৰা গৈছে ।
উল্লেখ্য় যে,বৰ্তমান শিৱসাগৰ অসম বিধানসভাৰ সমষ্টিসমূহৰ অন্তৰ্গত এক বিধায়কবিহীন সমষ্টি ৷ কংগ্ৰেছ দলৰ বিধায়ক প্রণৱ গগৈৰ দেহাৱসানৰ পিছত হ’বলগীয়া উপ-নির্বাচন স্থগিত হয় একমাত্ৰ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে ৷ এনে বিপৰ্যয়ৰ সময়ত শিৱসাগৰৰ ৰাজনৈতিক দল, জাতীয় দল-সংগঠন, প্রশাসন কাৰোৰে পৰা একো সা-সুবিধা লাভ কৰা নাই বুলি সংবাদ মাধ্য়মক জানিবলৈ দিছে শিশুগৃহটিৰ সঞ্চালিকা ৰুণজুন চুতীয়াই । শিৱসাগৰ আৰু চৰাইদেউ দুয়োখন জিলা সাঙুৰি বর্তমান ৭২ টা শিশু আৰু ৮ জন কর্মচাৰী সহিতে সর্বমুঠ ৮০ জন লোক ইয়াত আছে । ফলত দৈনন্দিন প্ৰয়োজন হয় যথেষ্ট পৰিমাণৰ চাউল,পৰ্যাপ্ত পৰিমাণৰ শাক-পাচলি আৰু সুষম খাদ্য ।