অসম

assam

By

Published : Jul 31, 2021, 8:39 AM IST

ETV Bharat / state

কেনে আছে আমগুৰি-নাগালেণ্ড তুলী সংযোগী ৰে'লপথ ?

পৰিকল্পনাৰ অভাৱ আৰু অমনোযোগিতাৰ বাবেই ৯০ৰ দশকতে নিৰ্মাণ কৰা অসম-নগালেণ্ডত সংযোগী আমগুৰি তুলী ৰে’লপথ এতিয়া জৰাজীৰ্ণ অৱস্থাতে পৰি ৰৈছে ৷ আমগুৰি-তুলীৰ মাজত ৰে’ল চলাচলৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় ৰে'লমন্ত্ৰী পীযুষ গোৱেললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই ।

train route connecting amguri nagaland tuli
কেনে আছে আমগুৰি-নাগালেণ্ড তুলী সংযোগী ৰে'ল পথ ?

আমগুৰি, 31 জুলাই :ৰে'ল বিভাগৰ সু-নিদিষ্ট পৰিকল্পনাৰ অভাৱ আৰু অমনোযোগিতাৰ বাবেই ৯০ৰ দশকতে নিৰ্মাণ কৰা অসম-নাগালেণ্ড সংযোগী আমগুৰি-তুলী ৰে’লপথ এতিয়া জৰাজীৰ্ণ অৱস্থাতে পৰি ৰৈছে ৷ উক্ত ৰে'লপথৰে নাগালেণ্ডৰ লগত ব্যৱসায়ীক সম্পৰ্ক স্থাপন কৰা ক্ষেত্ৰত বহু সম্ভাৱনা দেখা গৈছিল ৷ ৰে'ল পথটো সক্ৰিয় তথা ৰে’ল চলাচলৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ আগবাঢ়ি আহিছে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা (Pradeep Hazarika) ৷

কেনে আছে আমগুৰি-নাগালেণ্ড তুলী সংযোগী ৰে'ল পথ ?

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই উক্ত ৰে’লপথছোৱা পুনৰ সক্ৰিয় কৰি আমগুৰি-তুলীৰ মাজত ৰে'ল চলাচলৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় ৰে'লমন্ত্ৰী পীযুষ গোৱেললৈ (Piyush Goel) এখন পত্ৰ প্ৰেৰণ কৰিছে । পত্ৰখনত বিধায়ক গৰাকীয়ে গুৱাহাটী ডিমাপুৰ-টুলী-আমগুৰিৰ হৈ এখন যাত্ৰীবাহী ৰে'ল চলাচলৰ ব্যৱস্থা কৰাৰ লগতে ডিব্ৰুগড়-আমগুৰি-টুলীৰ মাজত ৰে'ল চলাচলৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় ৰে'লমন্ত্ৰীক আহ্বান জনাইছে ।

কেনে আছে আমগুৰি-নাগালেণ্ড তুলী সংযোগী ৰে'ল পথ ?

বিধায়ক প্ৰদীপ হাজৰিকাই এই পত্ৰৰ প্ৰতিলিপি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ', যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈৰ লগতে উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ (NF Railway) মহা প্ৰৱন্ধক গৰাকীলৈও প্ৰেৰণ কৰিছে ।

কেনে আছে আমগুৰি-নাগালেণ্ড তুলী সংযোগী ৰে'ল পথ ?

উল্লেখ্য যে, ৯০ ৰ দশকত চুবুৰীয়া নাগালেণ্ডৰ তুলীক অসমৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ লগত সংযোজিত কৰি ৰে'ল বিভাগে স্থাপন কৰিছিল আমগুৰি-তুলী ৰে'লপথ । ৰে'ল পথছোৱা মুকলি হোৱাত দুয়োখন ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত হোৱাৰ লগতে উদ্যোগিক ক্ষেত্ৰত সহায়ক হৈছিল । বিশেষকৈ সেই সময়ত উৎপাদনক্ষম হৈ থকা তুলী কাগজ কলৰ সা-সামগ্ৰী অনা-নিয়াত এই ৰে'লপথটোৱে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল আৰু আমগুৰি ৰে'ল ষ্টেচনে জংচনৰ স্বীকৃতি লাভ কৰিছিল ।

কেনে আছে আমগুৰি-নাগালেণ্ড তুলী সংযোগী ৰে'ল পথ ?

কিন্তু এই পথত ১৯৯৫ চনৰ চেপ্তেম্বৰ মাহত ৰে'ল চলাচল আৰম্ভ হৈছিল যদিও দুবছৰৰ পাছত ১৯৯৭ চনৰ অক্টোবৰ মাহত ৰে/ল চলাচল বন্ধ হৈ পৰে । ইফালে, ৰে'ল পথটোৰ আগুৰি থকা হাবি-জংঘলৰ মাজেৰে এখন মালবাহী ৰে/ল চলাচলে বিশেষ তাৎপৰ্য বহন কৰিছে । এই মালবাহী ৰে/লখনত তুলী ষ্টেচনৰ পৰা শিল-কয়লা অনা হয় বুলি এক সূত্ৰই তথ্য প্ৰকাশ কৰিছে ৷ বিপদ সংকুলভাৱে বহুকেইটা ক্ৰছিং পাৰ হৈ তুলীৰ পৰা আমগুৰি ৰেল জংছনত প্ৰৱেশ কৰে এই মালবাহী ৰে'লখন।

লগতে পঢ়ক:অমলেটেই কাল হ’ল এগৰাকী মহিলাৰ...

ABOUT THE AUTHOR

...view details