এজন অকলশৰীয়া বৃদ্ধৰ কৰুণ জীৱন গাঁথা আমগুৰি, ২৯ ছেপ্টেম্বৰ :শিৱসাগৰ জিলাৰ আমগুৰিৰ এজন অকলশৰীয়া বৃদ্ধৰ কৰুণ গাঁথা ৷ নাম সঞ্জীত বাউৰী ৷ আমগুৰি টিফুক চাহ বাগিচাত থকা ৬০ উৰ্দ্ধৰ ব্যক্তিজন বঞ্চিত জীয়াই থাকিবৰ বাবে প্ৰয়োজনীয় মৌলিক প্ৰয়োজনসমূহৰ পৰাও ৷ বৃদ্ধগৰাকীয়ে জীয়াই থকা ছবিখন দেখিলে কান্দি উঠিব আপোনাৰো হৃদয় ৷
বিগত দুটা পূৰ্বে বছৰ ধৰি সঞ্জীত বাউৰীয়ে এজোপা আম গছৰ তলত বসবাস কৰিছিল । য'তে-ত'তে কাম-বন কৰি খাবৰ কাৰণে এমুঠি অন্নৰ ব্যৱস্থা কৰিছিল ৷ এনেদৰে চলাই গৈছিল জীৱন নিৰ্বাহ ধাৰা ৷ সময় বাগৰিল ৷ বয়সো ক্ৰমে বৃদ্ধি হ’বলৈ ধৰিলে বৃদ্ধগৰাকীৰ ৷ ফলত পূৰ্বতকৈ অধিক অসুস্থ হৈ পৰিল তেওঁ ৷
শাৰীৰিক অসুস্থতাৰ বাবে বৃদ্ধগৰাকীয়ে নিজৰ পেটৰ বাবে খুদকণ এটাও গোটাব নোৱাৰাত পৰিছে ৷ বৃদ্ধগৰাকীৰ এনে অৱস্থা দেখি স্থানীয় লোকে তেওঁক গছৰ তলৰ পৰা উদ্ধাৰ কৰি এটা শ্মশান গৃহৰ জিৰণি চ’ৰাত আশ্ৰয় দিয়াৰ ব্যৱস্থা কৰি দিলে । তেতিয়াৰ পৰাই তেওঁ ৰ’দে-বতাহে সেই শ্মশান গৃহৰ ভঙা জিৰণি চ’ৰাতে থাকিবলৈ ল’লে ৷
মানুহৰ মৌলিক প্ৰয়োজন হৈছে আহাৰ, বাসস্থান আৰু বস্ত্ৰ । জীয়াই থাকোতেই যদি এই প্ৰয়োজনসমূহৰ পৰা মানুহ বঞ্চিত হয়, তেনে এখন গণতান্ত্ৰিক দেশত জীয়াই থকাৰ অৰ্থই বা ক’ত ? নিজৰ পৰিয়ালৰ পৰা বিচ্চিন্ন হৈ পৰা বৃদ্ধজনৰ থাকিবলৈ এখন বিছনা, খাবৰ বাবে ভাত, পিন্ধিবৰ বাবে এটুকুৰা বস্ত্ৰৰ পৰাও উপেক্ষিত ।
বৃদ্ধজনক স্থানীয় লোকসকলে বিভিন্ন ধৰণেৰে সহায় কৰি আহিছে যদিও সেয়া পৰ্যাপ্ত নহয় । বৃদ্ধজনৰ এনে অৱস্থা দেখি আমগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ বৰছিলা গাঁও পঞ্চায়তৰ লোকক এওঁক সহায় কৰিবলৈ স্থানীয় লোকে আহ্বান জনাইছে । টিফুক বাগিচাৰ এটা শ্মশান গৃহৰ জিৰণি চ’ৰাত আশ্ৰয় লৈ থকা অকলশৰীয়া বৃদ্ধজনক কোনো এখন চৰকাৰৰ অভিলাসী আঁচনিয়ে ঢুকি নাপালে ।
এটা প্ৰধানমন্ত্ৰী আৱাস গৃহ, বৃদ্ধ পেঞ্চন, সুলভ মূল্যৰ চাউলকে ধৰি কোনো এখন আঁচনিয়ে ঢুকি নোপোৱা ব্যক্তিজনক ৰজাঘৰীয়াৰো দৃষ্টি গোচৰ হোৱা নাই ৷ জীৱনৰ বিয়লি বেলাত অতি দুৰ্বলভাৱে জীয়াই থকা ব্যক্তিজনক জীয়াই থাকিবৰ কাৰণে কোনোবা সহৃদয় আগবাঢ়ি আহিবনে সেইয়া এটা ডাঙৰ প্ৰশ্ন ।
লগতে পঢ়ক :Life struggle of a adolescent: দৃষ্টিহীন অৰণ্যত ঐনিতমৰ মধুৰ তান