অসম

assam

ETV Bharat / state

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Feb 13, 2021, 9:03 AM IST

লাইকা-দধিয়াবাসীক সংস্থাপন: চিন্তিত ৰাইজ

1999 চনতেই বান বিধ্বস্ত লোকসকলক চৰকাৰে নামফাই অৰুণোদই সোণোৱাল গাঁৱত এক বিঘাকৈ মাটি প্ৰদান কৰি সংস্থাপনৰ ব্যৱস্থা কৰিছিল । ইয়াৰ পিছত বন বিভাগে এই লোকসকলক পৰিয়াল পোহপাল দিবৰ বাবে মৰা খাৰচাং আৰু নামচিক নৈৰ মাজত থকা টাপুত খেতি-বাতি কৰিবলৈ অনুমতি দিছিল । তেতিয়াৰে পৰা এই লোকসকলে নামফাই টাপুত বিভিন্ন ধৰণৰ শাক-পাচলি খেতি কৰি পৰিয়াল পোহপাল দিয়াৰ উপৰিও জীৱিকা নিৰ্বাহ কৰি আহিছিল ।

6.1 ৰিখটাৰ স্কেলত ভূমিকম্পৰ জোকাৰণি ভাৰতৰ বিভিন্ন অঞ্চলত

ভাৰতৰ অধিকাংক্ষ অঞ্চলত ভূমিকম্পৰ প্ৰৱল জোকাৰণি ৷ 10 বাজি 34 মিনিটত প্ৰবল জোকাৰণি সংঘটিত হয় দিল্লী, হাৰিয়ানা, উত্তৰাখণ্ড আৰু জম্মু-কাশ্মীৰত ৷ পঞ্জাৱৰ অমৃতসৰত ভূমিকম্পৰ মুল কেন্দ্ৰবিন্দু বুলি জানিব পৰা গৈছে ৷

নামনি সোৱণশিৰিৰ নদী বান্ধে উত্তৰাখণ্ডৰ চামোলিৰ ৰূপ ধাৰণ কৰিব নেকি অসমতো !

উত্তৰাখণ্ডৰ চামোলিৰ ভয়ানক দুৰ্ঘটনাৰ পিচত অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই অসমতো তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰাৰ সন্দেহ কৰা হৈছে ৷ কিয়নো নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পই ইতিমধ্যে লখিমপুৰ, ধেমাজি জিলাত প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰি আহিছে ৷ যদিহে উত্তৰাখণ্ডৰ দৰে পৰিস্থিতি অসমতো সৃষ্টি হয় তেতিয়াহলে নিশ্চিতভাৱে অসম-অৰুণাচল প্ৰদেশলৈ যে অশনি সংকেত নামি আহিব সেয়া নিশ্চিত ৷

পুনৰ অশান্ত অসম-মিজোৰাম সীমান্ত

নৰ অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি । অসমৰ মাটিত পথ নিৰ্মাণক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ ৷

লক্ষ্য 21 ৰ নিৰ্বাচন: শিৱসাগৰত অসম বচাওঁ আহক কাৰ্যসূচী

অসম বচাওঁ আহক কাৰ্যসূচীৰে শিৱসাগৰত নিৰ্বাচনী ৰণডংকা বজালে কংগ্ৰেছে ৷ শুকুৰবাৰে শিৱসাগৰত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ৷ দেৱব্ৰত শইকীয়াই নেতৃত্ব দিব শিৱসাগৰৰ পৰা আৰম্ভ হোৱা এই অভিযানক ৷

মৈৰাবাৰীত ড্ৰাগছ সহ এজন গ্ৰেপ্তাৰ

মৈৰাবাৰীত ব্ৰাউন চুগাৰ সৈতে ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ ৷ মৈৰাবাৰী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক কল্পজ্যোতি বৰাৰ নেতৃত্বত চলা অভিযানত নিচাযুক্ত দ্ৰৱ্যৰ সৈতে মাফিয়া গৰাকীক গ্ৰেপ্তাৰ ৷ আৰক্ষীৰ তালাচিত বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ মইনুল হক উৰফে মহন্ত (30) ৷

নগাঁৱত সন্ধানহীন বেংকৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

দুদিন ধৰি কন্দলী আৰু কচুবস্তিৰ পৰা ঋণৰ ধন উঠাবলৈ গৈ সন্ধানহীন হোৱা নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ ৷ শুকুৰবাৰে বিয়লি ভাগত ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় কৰ্মচাৰীজনৰ মৃতদেহ ৷

বিটিআৰ পৰিষদীয় চৰকাৰৰ নৱনিৰ্বাচিত পাৰিষদৰ বাবে প্ৰশিক্ষণ

বিটিআৰ পৰিষদীয় চৰকাৰৰ নৱনিৰ্বাচিত পাৰিষদক প্ৰশিক্ষণ প্ৰদান ৷ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰৰ পাৰিষদসকলক প্ৰশাসনীয় দিশত দক্ষ কৰি তোলাৰ উদ্দেশ্যে ব্যৱস্থা কৰা হৈছে এই প্ৰশিক্ষণৰ ৷ বিটিআৰ বিধান পৰিষদীয় ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই প্ৰশিক্ষণ কাৰ্যসূচী ৷

অসম বচাওঁ আহক কাৰ্যসূচীৰে ৰাইজৰ কাষ চপাৰ চেষ্টা কংগ্ৰেছৰ

শুকুৰবাৰে নগাঁৱত 21ৰ ৰণডংকা বজালে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, ৰিপুণ বৰা সহ কংগ্ৰেছৰ এটা সজাতি দলে ৷ এই উপলক্ষে অসম বচাওঁ আহক শীৰ্ষক ব্ৰেণ্ডিং থকা এখন বাছেৰে গৈ নগাঁও জিলাৰ ধিঙত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আদিয়ে ৷

উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণৰ উদ্ধাৰ অভিযান অব্যাহত

উত্তৰাখণ্ডত ভয়ংকৰ হিমবাহ বিস্ফোৰণত আৱদ্ধ লোকসকলৰ তপোৱনৰ সুৰংগত ষষ্ঠ দিনাও অব্যাহত আছে উদ্ধাৰ অভিযান । এই বিস্ফোৰণত এতিয়ালৈ উদ্ধাৰ কৰা হৈছে ৩৬ টা মৃতদেহ । উদ্ধাৰকাৰী দলে দিনে-নিশাই অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ।

ABOUT THE AUTHOR

...view details