অসম

assam

By

Published : Oct 20, 2019, 4:39 PM IST

ETV Bharat / state

অস্তিত্বৰ সংকটত ইতিহাস প্ৰসিদ্ধ বৰ মেছলৌ আৰু সৰু মেছলৌ !

টিংখাঙৰ লেঙেৰী পঞ্চায়তৰ অন্তৰ্গত গৰুহৰা গাঁৱত অৱহেলিত হৈ আছে দুটি বুৰঞ্জী প্ৰসিদ্ধ মৈদাম বৰ মেছলৌ আৰু সৰু মেছলৌ ৷ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ চৰম অৱহেলাৰ বাবে এই দুই মৈদাম এতিয়া এৰাবাৰীত পৰিণত হৈছে ।

অস্তিত্বৰ সংকটত ইতিহাস প্ৰসিদ্ধ বৰ মেছলৌ আৰু সৰু মেছলৌ !

টিংখাং,20অক্টোবৰঃঅসমৰ বিভিন্ন প্ৰান্তত থকা ঐতিহাসিক সমলসমূহ বৰ্তমান সংকটৰ গৰাহত । চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই বিজ্ঞানসন্মত ভাৱে নিদিষ্ট পৰিকল্পনাৰে সংৰক্ষণৰ ব্যৱস্থা নকৰাৰ ফলত বহু প্ৰাচীন কীৰ্তিচিহ্ন এতিয়া ধ্বংস আৰু নিশ্চিহ্ন হোৱাৰ পথত । তেনে দুটি বুৰঞ্জী প্ৰসিদ্ধ মৈদাম অৱহেলিত হৈ আছে টিংখাঙৰ লেঙেৰী পঞ্চায়তৰ অন্তৰ্গত গৰুহৰা গাঁৱত ।

অস্তিত্বৰ সংকটত ইতিহাস প্ৰসিদ্ধ মৈদাম

ইতিহাসৰ মতে আহোম স্বৰ্গদেউ খোৰা ৰজাৰ তুলনীয়া পুতেক নাহৰ ৰজা হৈ টিংখাঙৰ লেঙেৰী মৌজাৰ অন্তৰ্গত ন-খাট এলেকাত নতুনকৈ খাট পাতিছিল । নাহৰ ৰজাৰ দুগৰাকী ৰানী আছিল বৰ মেছলৌ আৰু সৰু মেছলৌ । আৰু সেই দুই ৰানীৰ অস্তিত্ব বহন কৰি আহিছে বৰ মেছলৌ আৰু সৰু মেছলৌ নামৰ এই দুটা মৈদামে ৷ কিন্তু পৰিতাপৰ বিষয় যে, চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ চৰম অৱহেলাৰ বাবে এই দুই মৈদাম এতিয়া এৰাবাৰীত পৰিণত হৈছে । মৈদাম দুটাৰ সংৰক্ষণৰ বাবে বিভিন্ন সময়ত পুঁজিৰ আৱন্তন হৈছিল যদিও সেই পুঁজিৰ সঠিক ব্যৱহাৰ নোহোৱাত মৈদাম দুটাৰ বিশেষ কোনো উন্নয়ন পৰিলক্ষিত নহ'ল । বৰ্তমানৰ বিধায়ক বিমল বড়াই মৈদামৰ সুন্দৰ্য বৰ্দ্ধনৰ বাবে প্ৰায় ১৫ লাখ টকাৰ আধাৰশিলা মুকলি কৰিছিল । সেই পুঁজিৰে মৈদাম দুটাৰ পকিবেৰা সম্পূৰ্ণ হ'ল যদিও ঐতিহাসিক মৈদাম দুটাৰ আভ্যন্তৰীণ উন্নয়নৰ বাবে বৰ্তমানেও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহ'ল । যাৰ বাবে বুৰঞ্জী প্ৰসিদ্ধ মৈদাম দুটাক এক সু-সংগঠিত পৰিকল্পনাৰে সজাই তুলি উপযুক্ত ভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় সচেতন লোকসকলে ৷

ABOUT THE AUTHOR

...view details