অসম

assam

ETV Bharat / state

Japanese Encephalitis: শিৱসাগৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত তিনিজনৰ মৃত্যু

ভয়াবহ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণে । শিৱসাগৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ পুনৰ প্ৰাণ হেৰুৱালে এজনে । জিলাখনত বৰ্তমানলৈ এই ৰোগত আক্ৰান্ত হৈ এতিয়ালৈকে ৩ জন লোকৰ মৃত্যু হৈছে ।

One people died of Japanese Encephalitis in Sivsagar
শিৱসাগৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজনৰ মৃত্যু

By

Published : Aug 3, 2023, 1:54 PM IST

শিৱসাগৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজনৰ মৃত্যু

শিৱসাগৰ,৩ আগষ্ট: ৰাজ্যত ক্ৰমাৎ বৃ্দ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ সন্ত্ৰাস । বৰ্তমানলৈ এই ৰোগত আক্ৰান্ত বহুকেইজন লোক । শিৱসাগৰ জিলাতো জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগে সংহাৰী ৰূপ ধাৰণ কৰিছে । এই ৰোগত জিলাখনত এতিয়ালৈকে ৩ জন লোকৰ মৃত্যু হৈছে ।

জিলাখনত আজিলৈকে জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগত মুঠ ৫৭ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত জাপানীজ এনকেফেলাইটিছত ১৯ গৰাকী আৰু এনকেফেলাইটিছ সদৃশ ৰোগত ৩৮ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে । লক্ষ্যণীয় যে, আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱাৰ অধিকাংশই বিগত সময়চোৱাত প্ৰতিষেধক ভেকচিনো লৈছিল ।

এই কথা সদৰি কৰিছে শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে । যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে সদৰি কৰা অনুসৰি ডিমৌ স্বাস্থ্য খণ্ডৰ এলেকাত সৰ্বাধিক ৮ গৰাকী, গেলেকীত ৫ গৰাকী, খেলুৱাত ৪ গৰাকী আৰু ম'ৰাবজাৰ খণ্ডত ২ গৰাকী ব্যক্তি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ।

উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা বৰ্তমান সময়লৈকে ২১ জন জাপানীজ এনকেফেলাইটিছত আক্রান্ত ৰোগীক ভৰ্ত্তি কৰা হৈছে GMCH ত । বৰ্তমানো ১৪ জন ৰোগী GMCH ত ভৰ্তি হৈ আছে বুলি জানিব পৰা গৈছে । আনহাতে ৪ জন ৰোগীৰ মৃত্যু হৈছে । কেৱল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে নহয় বৰ্তমান সময়ত ৰাজ্যৰ প্ৰায় প্ৰতিখন হাস্পতালতে জাপানীজ এনকেফেলাইটিছত আক্রান্তৰ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে ।

মনকৰিবলগীয়া যে, কিউলেক্স নামৰ এবিধ মহৰ দ্বাৰা সংক্ৰমিত হয় জাপানীজ এনকেফেলাইটিছ ৰোগ । সাধাৰণতে গাহৰি, বগলী বিশেষকৈ কণামুচৰি চৰাইৰ দেহত এই প্ৰজাতিৰ মহে কামুৰি মানুহক কামুৰিলে জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভাইৰাছৰ সংক্ৰমণ হয় । এই ৰোগৰ প্ৰধান লক্ষণ হৈছে অত্যন্ত জ্বৰ, মিৰ্গীৰ ৰোগীৰ দৰে মূৰ্ছা যোৱা, ডিঙি টানি ধৰা, মানসিকস্থিতি সলনি হোৱা ।

লগতে পঢ়ক:Insomnia problems: নিদ্ৰাহীনতাত ভুগিছে নেকি আপুনি ? চিকিৎসক বেদান্ত ফুকনৰ পৰা জানক পৰিত্ৰাণৰ উপায়

ABOUT THE AUTHOR

...view details