অসম

assam

ETV Bharat / state

আমগুৰিত কনটেইনমেন্ট জ'নৰ তিনি পৰিয়ালৰ হাহাকাৰ - Amguri containment Zone

প্ৰশাসন তথা চুবুৰীয়াৰ পোৱা কোনোধৰণৰ খাদ্য সামগ্ৰী লাভ নকৰাৰ বাবে এক হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে শিৱসাগৰ জিলাৰ আমগুৰিৰ পুলিবৰত কনটেইনমেন্ট জ'নত থকা তিনিটা পৰিয়ালে ৷ প্ৰশাসনলৈ সহায়ৰ আহ্বান পৰিয়াল কেইটাৰ ৷

three-family-of-containment-zone-facing-trouble-in-amguri
আমগুৰিত কনটেইনমেন্ট জ'নৰ তিনি পৰিয়ালৰ হাহাকাৰ

By

Published : May 28, 2021, 7:53 PM IST

আমগুৰি, 28 মে':ৰাজ্য়ত অব্যাহত আছে ক'ভিডৰ ভয়াৱহ ৰূপ ৷ ক'ভিডৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা ৷ ইয়াৰ মাজতে আমগুৰিৰ পুলিবৰত কনটেইনমেন্ট জ'নত থকা তিনিটাকৈ পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ ৷

নিত্য-প্ৰয়োজনীয় খাদ্য সামগ্ৰী লাভ নকৰাৰ বাবে পৰিয়াল কেইটাৰ মাজত সৃষ্টি হৈছে এই হাহাকাৰ অৱস্থাৰ ৷ পৰিয়াল তিনিটাক কোনো লোক তথা প্ৰশাসনে নিত্য-প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান অথবা ক্ৰয় কৰি নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । এই সন্দৰ্ভত ইতিমধ্যে সংবাদ মাধ্যমৰ আশ্ৰয় লৈছে ভুক্তভোগী পৰিয়াল কেইটাই ৷ ৰক্তিম চেতীয়া নামৰ এজন যুৱকে যোৱা 17 মাৰ্চত নিজ পিতৃক হেৰুওৱাৰ পিছতো কোনো ধৰ্মীয় কাজ কৰিব পৰা নাই ৷

আমগুৰিত কনটেইনমেন্ট জ'নৰ তিনি পৰিয়ালৰ হাহাকাৰ

উল্লেখ্য যে, প্ৰশাসনে 22 মাৰ্চত ৰক্তিম চেতীয়াৰ বাসগৃহত কনটেইনমেন্ট জ'ন ফলক আৰে । এনে অৱস্থাত 21 তাৰিখৰ পৰা যোৱা 7 টা দিন অতি কৰুণভাৱে নিত্য-প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অভাৱত থকা বুলি প্ৰকাশ কৰিছে পৰিয়ালটোৱে ৷

অতি তাৎপৰ্যপূৰ্ণ কথা যে কিছু দিন পূৰ্বে কন্টেইমেন জ'নত থকা পৰিয়ালক প্ৰশাসনৰ তৰফৰ পৰা 14 দিনৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি জাননী জাৰি কৰিছিল ৷ কিন্তু তাৰ পাছতো এই পৰিয়ালকেইটাই লাভ কৰা নাই খাদ্য সামগ্ৰী ৷

এইক্ষেত্ৰত আমগুৰি প্ৰশাসন আৰু স্থানীয় গাঁওবুঢ়ায়ো কোনো গুৰুত্ব নিদিয়া বুলি অভিযোগ আনিছে পৰিয়ালটোৱে । পৰিয়ালকেইটাক নিত্য-প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰি সহায় কৰিবলৈ জিলা প্ৰশাসন তথা ৰাইজলৈ আহ্বান জনাইছে পৰিয়ালটোৱে ৷

লগতে পঢ়কঃস্বামীৰ সন্মুখতে ক'ভিডৰ আতংকই প্ৰাণ কাঢ়িলে পত্নীৰ

ABOUT THE AUTHOR

...view details