অসম

assam

By

Published : May 28, 2019, 6:52 PM IST

ETV Bharat / state

নাজিৰাৰ গৰু চুৰি ঘটনাৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ

নাজিৰাত গৰু চুৰিৰ ঘটনা ৷ এঘৰৰ গাভিনী গাই গৰু চোৰ কৰি নিশাই মাংস কাটি চোৰে লৈ যোৱাৰ বিপৰীতে পেলাই থৈ যায় পেটৰ পোৱালী , ঠেং, মূৰ ৷

নাজিৰাত গৰু চুৰিৰ ঘটনা

নাজিৰা, ২৮ মে' : নাজিৰাত গৰু চুৰিৰ ঘটনা ৷ দেওবাৰে নিশা নাজিৰা নগৰৰ কাষৰীয়া নমাতিত সংঘটিত হয় এই গৰু চুৰি ঘটনা ৷ নমাতিৰ প্ৰশান্ত হাজৰিকা নামৰ লোকজনৰ ঘৰৰ গোহালিৰ পৰা নিশা নাইকিয়া হয় এজনী গাভিনী গাইগৰু৷ ৰাতিপুৱা গোহালিত গৰু নেদেখি বিচাৰ খোচাৰ কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ নিশা গাভিনী গাই গৰু জনী গৃহস্থৰ গোহালিৰ পৰা চুৰ কৰি নি নিশাই মাংস কাটি লৈ যায় চুৰে আৰু পেটৰ পোৱালী , ঠেং, মূৰ আদি ঘৰৰ কিছু নিলগতে পেলাই থৈ যায় ৷

নাজিৰাত গৰু চুৰিৰ ঘটনা

এই জঘন্য ঘটনাৰ লগত গো-মাংসৰ ব্যৱসায়ী জড়িত থকাৰ সন্দেহ কৰি পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল নাজিৰা আৰক্ষী থানাত৷ ইতিমধ্যে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত তিনিজন গৰু চোৰক গ্ৰেপ্তাৰ কৰিছে নাজিৰা আৰক্ষীয়ে৷ বহুদিনৰ পৰাই এইকেইজন চোৰে গৰু চুৰি ঘটনাৰ লগত জড়িত হৈ আহিছে ৷ সোমবাৰৰ ঘটনাৰ লগত চোৰ কেইটা জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে যদিও বিগত সময়ত গৰু চুৰি ঘটনাৰ লগত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে চোৰ কেইজনে ৷

ABOUT THE AUTHOR

...view details