অসম

assam

By

Published : Sep 28, 2021, 8:42 PM IST

ETV Bharat / state

শিৱসাগৰত দিনদুপৰতে বন্দুক দেখুৱাই হত্যাৰ ভাবুকি দুজন লোকক

শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা । অনাদায়ৰ ধন বিচাৰি যোৱাটোৱে ভুল হ'ল দুই পেভাৰ ব্লক ফেক্টৰীৰ কৰ্মচাৰীৰ । ধন দিয়াৰ পৰিৱৰ্তে বন্দুক দেখুওৱাই হত্যাৰ ভাবুকি দুয়োজন কৰ্মচাৰীক ।

Joysagar
শিৱসাগৰত দিনদুপৰতে বন্দুক দেখুৱাই হত্যাৰ ভাবুকি দুজন লোকক

শিৱসাগৰ,২৮ ছেপ্টেম্বৰ :শিৱসাগৰ কালুগাঁৱত দিন দুপৰতেই সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ বাকীৰ ধন বিচাৰি যোৱা পেভাৰ ব্লক ফেক্টৰীৰ কৰ্মচাৰীক বন্দুক দেখুৱাই ভাবুকি দিয়াৰ অভিযোগ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে । পাহীগাঁৱৰ ৰমেন হাতীমূৰীয়াৰ বিৰুদ্ধে এই গুৰুত্বৰ অভিযোগ উঠিছে ৷

শিৱসাগৰত দিনদুপৰতে বন্দুক দেখুৱাই হত্যাৰ ভাবুকি দুজন লোকক

বন্দুক দেখুৱাই ভাবুকি দিয়াৰ সন্দৰ্ভত জয়সাগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিলে ভুক্তভোগী কৰ্মচাৰী অকনি হাতীমূৰীয়া আৰু চন্দন টায়ে ৷ জয়সাগৰৰ ক্ষুদ্ৰ ব্যৱসায়ী মৃন্ময় চেতিয়াৰ পেভাৰ ব্লক নিৰ্মাণকাৰী প্ৰতিস্থানটোৰ কৰ্মচাৰীদ্বয় অকনি আৰু চন্দনে পুৱা স্বত্বাধিকাৰীৰ নিৰ্দেশত এবছৰ ধৰি অনাদায় হৈ থকা ৪ হাজাৰ টকা বিচাৰি ৰমেন হাতীমূৰীয়াৰ বাসগৃহত উপস্থিত হৈছিল ৷ কিন্তু হঠাৎ ৰমেন হাতীমূৰীয়াই গেট বন্ধ কৰি দুয়োজন কৰ্মচাৰীক গুলীয়াবলৈ এটা দীঘল বন্দুক উলিয়াই খেদি অহাৰ অভিযোগ তুলিছে কৰ্মচাৰী কেইজনে ।

ভুক্তভোগী কৰ্মচাৰী দুজনৰ মতে দুয়োজনে কথমপি গেটৰ ওপৰেৰে বগাই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ৷ ঘটনা সন্দৰ্ভত জয়সাগৰ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰখাৰ লগতে ভাবুকি প্ৰদান কৰা লোকজনৰ বন্দুকৰ অনুজ্ঞাপত্ৰৰ তথ্য সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক :চন্দ্ৰপুৰত নাবালকক অপহৰণৰ চেষ্টা : আটক দুজন

ABOUT THE AUTHOR

...view details